মহাৰাষ্ট্রত জ্যেষ্ঠ বিজেপি নেতা খাড়ছেৰ পদত্যাগ
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ জ্যেষ্ঠ বিজেপি নেতা একনাথ খাড়ছেই কালি গেৰুৱা শিবিৰ ত্যাগ কৰি ৰাষ্ট্রীয়তাবাদী কংগ্রেছ দল (এনচিপি)ত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে বিজেপি দুর্গত সৃষ্টি হৈছে ধুমুহা৷ অ’বিচি ভোট বেংকৰ পৰা আগন্তুক দিনত বিজেপি বঞ্চিত হ’ব লাগিব বুলি ইতিমধ্যে বিশেষজ্ঞ মহলে ঘোষণা কৰিছে৷
মহাৰাষ্ট্রত প্রায় ৩৫ বছৰ ধৰি বিজেপি দুর্গৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব প্রদান কৰি আহিছিল খাড়ছেই৷ কিন্তু নেতাগৰাকীৰ পদত্যাগৰ লগে লগে মহাৰাষ্ট্রত অ’বিচি ভোটবেংকত বিভাজন সৃষ্টি হ’ব বুলি ধাৰণা কৰিছে নির্বাচনী বিশ্লেষকসকলে৷ স্মর্তব্য যে গোপীনাথ মুণ্ডেৰ মৃত্যুৰ পিছত মহাৰাষ্ট্রত অ’বিচিৰ একমাত্র প্রভাৱশালী নেতা হিচাপে খাড়ছেৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছিল বিজেপিয়ে৷
কিন্তু খাড়ছেৰ পদত্যাগৰ লগে লগে মহাৰাষ্ট্রত বিজেপিৰ দুর্গত সৃষ্টি হৈছে কঁপনি৷ কাৰণ প্রাক্তন মুখ্যমন্ত্রী ফাডনাৱিজৰ সৈতে বিজেপি দুর্গক সবল কৰাত গুৰুত্ব প্রদান কৰিছিল খাড়ছেই৷