নিয়মীয়া বাৰ্তা, ১৮ মেঃ মাৰাত্মক ক’ভিড–১৯ৰ বাবে চলি থকা লকডাউনৰ পৰিপ্রেক্ষিতত সকলো খণ্ডতে বৃহৎ পৰিমাণৰ সংস্থাপন লগতে জীৱিকা হেৰুৱাইছে লক্ষ লক্ষ লোকে৷ দেশৰ ৰাজধানী নতুন দিল্লীত জীৱিকা হেৰুওৱাৰ পৰিপ্রেক্ষিতত ৬০ শতাংশ যৌনকর্মীয়ে নিজ নিজ ৰাজ্যলৈ উভতি যাবলৈ বাধ্য হৈছে৷
অল ইণ্ডিয়া নেটৱর্ক অৱ ছেক্স ৱর্কার্ছ (এআইএনএছডব্লিউ)ৰ অধ্যক্ষ কুসুমে প্রকাশ কৰা মতে, ৰাজধানী দিল্লীত যৌনকর্মীসকলে গ্রাহকৰ অভাৱত ক্ষুধার্ত জীৱন কটাবলগীয়া হৈছে৷ এনে পৰিপ্রেক্ষিততে ৬০ শতাংশ এনে কর্মীয়ে ৰাজধানী ইতিমধ্যে এৰি নিজ গৃহলৈ উভতি গৈছে৷ মন কৰিবলগীয়া যে দিল্লীত পঞ্জীকৃত পাঁচ হাজাৰ যৌনকর্মী আছে৷ ইয়াৰে ভিতৰত ৬০ শতাংশ অর্থাৎ প্রায় তিনি হাজাৰ যৌনকর্মীয়ে জীৱিকা হেৰুৱাই ভৱিষ্যতৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে৷