নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতাক অসন্মান! শ্বাহৰুখে থুৱাইছে নেকি? কাৰ প্ৰশ্ন

বিশেষ বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ লতা মংগেশকাৰৰ শেষকৃত্যত শ্বাহৰুখ খানৰ ‘দোৱা’ নিবেদনৰ ফটো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পাছত বহুতে প্রশংসা কৰিলেও বিতর্ক কৰা নেৰে একাংশই। এজন বিজেপি নেতাই প্রকাশ্যেই জানিবলৈ বিচাৰিলে, প্রার্থনাৰ নামত শ্বাহৰুখে সুৰসম্রাজ্ঞীক অসম্মান কৰা নাইতো? কাৰণ তেওঁৰ সন্দেহ, কিং খানে লতাৰ শেষশয্যাৰ সম্মুখত থুৱালে।

অৰুণ যাদৱ নামৰ সেই নেতাজনে টুইটাৰত শ্বাহৰুখৰ প্রার্থনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি জানিব বিচাৰিছে ‘এওঁ থুৱাইছে নেকি?’ এইগৰাকী বিজেপি নেতাৰ টুইটাৰ ‘ভেৰিফাইড একাউন্ট’ হিচাপে চিহ্নিত। তাত লিখা মতে তেওঁ হাৰিয়ানাৰ ৰাজ্যিক বিজেপিৰ ভাৰপ্রাপ্ত। অৰুণৰ টুইটত বহুতেই শ্বাহৰুখ বিৰোধী মন্তব্য কৰা দেখা যায়। আনহাতে, বিজেপি নেতাজনক সমালোচনা কৰি আন একাংশই কৈছে, ইছলাম ধর্মত দোৱা বা প্রার্থনা কৰাৰ পাছত ‘ফুঁ’ দিয়াৰ নিয়ম আছে।

You might also like