নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোট মাৰিছে ইউৰোপ! অনির্দিষ্টকাললৈ বন্ধ ব্যস্ততম বিমানকোঠ

তুষাৰপাতে স্থৱিৰ কৰিছে তুৰস্ক। ইস্তানবুল বিমান কোঠৰ একাংশ আৱৰি ধৰিছে গোটা বৰফে। অৱশেষত অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়া হ’ল ইউৰোপৰ ব্যস্ততম বিমানকোঠটি। পূব ভূমধ্য সাগৰীয় তুষাৰপাতত স্তব্ধ হৈছে গ্ৰীচৰ ৰাজধানী এথেন্স। স্কুল-দোকান-পোহাৰ বন্ধ কৰা হৈছে আগতেই। তাৰ পাছত সোমবাৰৰ পৰা বন্ধ হৈছে মধ্য প্রাচ্য আৰু আফ্রিকাৰ পৰা ইউৰোপ তথা এছিয়াৰ যাতায়াতৰ গুৰুত্বপূর্ণ আকাশী পথ। বিমানবন্দৰ কর্তৃপক্ষই জনাইছে, ২০১৯ চনৰ পাছত প্রথমবাৰৰ বাবে বন্ধ ৰখা হৈছে ইস্তানবুল বিমানকোঠ। যাৰ বাবে এতিয়া যথেষ্ট অসুবিধাত পৰিছে যাত্রীসকল।

শীতৰ আৰাম্ভীতে সকলোৰে ভাল লাগিছিল। কিন্তু লাহে লাহে দুৰ্বিসহ হৈছে জীৱন। প্রথম তুষাৰপাতৰ আনন্দ উপভোগ কৰিছিল সৰু-ডাঙৰ সকলোৱে। বিপর্যয় আৰম্ভ হল যোৱা কিছুদিনতহে। ভয়ংকৰ তুষাৰপাতত বিধ্বস্ত তুৰস্কৰ বৃহত্তম চহৰখন। বৰফৰ আচ্ছাদনে ঢাকি পেলাইছে ৰাস্তা-ঘাট। সকলো মাত্ৰ শুভ্ৰ। বন্ধ হৈছে শ্বপিং মল। আনকি খাদ্য ডেলিভাৰী দিয়া ছার্ভিচো বন্ধ। উপায়ন্তৰ জনসাধাৰণ।ইতিমধ্যে ইস্তানবুল চৰকাৰৰ তৰফৰ পৰা গাড়ী চলোৱাত বিশেষ সাৱধান কৰা হৈছে। একেই অৱস্থা গ্ৰীচতো।

You might also like