নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ ভেকচিন লোৱাৰ পিছত সুৰাপান নকৰিব…

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ দেশত আৰম্ভ হৈছে ক’ভিড ভেকচিনৰ টিকাকৰণৰ কাম। প্ৰথম অৱস্থাত স্বাস্থ্যকৰ্মীসকলক এই ভেকচিন দিয়া হ’ব। ভাৰতত আনুষ্ঠানিকভাৱে ক’ৰোনা ভেকচিন লোৱাৰ পিছত সুৰাপান কৰা-নকৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সতৰ্কবাণী দিয়া নাই যদিও বিশ্বৰ বহুকেইজন স্বাস্থ্য বিশেষজ্ঞই এই সন্দৰ্ভত সুৰাপান কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে।

এই সন্দৰ্ভত ৰাছিয়াৰ গৱেষকে জানিবলৈ দিছে যে ক’ৰোনাৰ ভেকচিন স্পুটনিক ভিৰ টিকা লোৱাসকলে ২ মাহৰ বাবে মদ্যপান ত্যাগ কৰিব লাগিব। ৰাছিয়াৰ কনজিউমাৰ বিশেষজ্ঞ আন্না পপোভাই জানিবলৈ দিছে যে তেওঁ নিজে ভেকচিনৰ টিকাকৰণৰ পিছত দুসপ্তাহৰ বাবে মদ্যপান কৰা নাছিল।

যি সকলে স্পুটনিক ভি টিকাকৰণ কৰিব ৪২ দিনলৈকে সুৰাপান কৰিব নোৱাৰিব।

এই সন্দৰ্ভত ৰাছিয়াত ভেকচিন বিশেষজ্ঞসকলে জানিবলৈ দিছে টিকাকৰণৰ সময়ত যদি সুৰাপান কৰে, তেতিয়া আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব পাৰে। উল্লেখ্য যে ক’ৰোনা ভেকচিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাৰ বাবে টিকাকৰণৰ সময়ত সুৰাপান কৰাৰ পৰা বিৰত থাকিব লাগিব।

You might also like