নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ ভেকচিন প্রস্তুতৰ বাবে দেশত যুদ্ধকালীন তৎপৰতা চলি থকা সময়তে পুনেস্থিত ছিৰাম ইন্ষ্টিটিউট অৱ ইণ্ডিয়া (এছআইআই)ই প্রথমটো দেশীয় নিউমোনিয়াৰ ভেকচিন প্রস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে৷ দেশৰ চিকিৎসা বিজ্ঞানী তথা গৱেষকসকলৰ বাবে এয়া এক বৃহৎ সাফল্য হিচাপে চিহ্ণিত হৈছে৷
আগন্তুক সপ্তাহত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে আনুষ্ঠানিকভাৱে নিউমোনিয়াৰ এই নতুন ভেকচিন মুকলি কৰিব৷ অর্থাৎ অহা সপ্তাহৰ পৰা দেশৰ বজাৰত উপলব্ধি হ’ব এছআইআইৰ নিউমোনিয়া ভেকচিন৷ স্মর্তব্য যে দুটাকৈ বিদেশী কোম্পানীয়ে প্রস্তুত কৰা নিউমোনিয়া ভেকচিনতকৈ ছিৰাম ইন্ষ্টিটিউটে প্রস্তুত কৰা ভেকচিনৰ কার্যকাৰিতা অধিক ক্ষিপ্রতৰ হ’ব বুলি সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ ‘নিউম’ককাল পলিচেৰিড কনজুগেট’ নামৰ এই ভেকচিনবিধ ভাৰতৰ বজাৰত উপলব্ধ হোৱাৰ পিছতে দেশত নিউমোনিয়া প্রতিৰোধৰ ক্ষেত্রত জনসাধাৰণ উপকৃত হ’বলৈ সক্ষম হ’ব৷