নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ মৰুভূমিত অচিন চর্মৰোগত আক্রান্ত দুষ্প্রাপ্য প্রজাতিৰ শিয়াল

নিয়মীয়া বাৰ্তা ৯ মেঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে বিশ্বজুৰি সংহাৰ সৃষ্টি কৰি থকাৰ সময়তে অচিন সংক্রামক ৰোগত ৰাজস্থানৰ মৰুভূমিত আক্রান্ত হৈছে বিভিন্ন বন্যজন্তু৷ শেহতীয়াকৈ ৰাজ্যখনত মৰু ৰাষ্ট্রীয় উদ্যানত ভয়াৱহ চর্মৰোগত আক্রান্ত হৈছে দুষ্প্রাপ্য প্রজাতিৰ শিয়াল৷ পৰিৱেশবিদসকলে এয়া বন্যপ্রাণীৰ বাবে ভয়াৱহ সংক্রামক ৰোগ বুলি ঘোষণা কৰিছে৷ কালি ৬টাকৈ চর্মৰোগত আক্রান্ত হোৱা দুষ্প্রাপ্য প্রজাতিৰ শিয়াল প্রত্যক্ষ কৰিছে কেইবাগৰাকীও পৰিৱেশ কর্মীয়ে৷ স্মর্তব্য যে ফাতেহগড় আৰু জয়ছালমীৰত এই চর্মৰোগত আক্রান্ত পশুকেইটা বিষাক্ত কীটৰ দ্বাৰা সংক্রমিত হোৱা বুলি আশংকা কৰা হৈছে৷ ইয়াৰ পূর্বে অঞ্চলটোত ভাৰতৰ বন্যপ্রাণী প্রতিষ্ঠানৰ গৱেষকসকলে বিভিন্ন ৰোগ সন্দর্ভত গৱেষণা চলাইছিল যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷

You might also like