নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংক্রমণৰ আশংকা কম ধূমপানকাৰীৰ

ইউনিভার্ছিটী কলেজ লণ্ডনৰ অধ্যয়ন

নিয়মীয়া বাৰ্তা ৪ মেঃ ধূমপান শৰীৰৰ বাবে ক্ষতিকাৰক৷ ধূমপানৰ বাবেই বিভিন্ন মাৰাত্মক ৰোগত বছৰি আক্রান্ত হ’বলগীয়া হয় পৃথিৱীৰ কেইবালাখো মানুহ৷ কিন্তু শেহতীয়াকৈ ব্রিটেইনৰ ইউনিভার্ছিটী কলেজ লণ্ডন (ইউচিএল)ৰ তৰফৰ পৰা চলোৱা এক অধ্যয়নত প্রকাশ পাইছে যে মাৰাত্মক ক’ৰোনা ভাইৰাছে অত্যধিক ধূমপান কৰা লোকসকলক সহজে আক্রমণ কৰিব নোৱাৰে৷ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকা কম থাকে ধূমপান কৰা লোকসকলৰ৷ সংক্রমিত হ’লেও ক’ৰোনা ভাইৰাছে সহজতে মৃত্যুমুখলৈ এনে লোকসকলক ঠেলি দিব নোৱাৰে বুলি শিক্ষা প্রতিষ্ঠানটোৰ গৱেষকসকলে দাবী কৰিছে৷ স্মর্তব্য যে ব্রিটেইনত ক’ভিড–১৯ত আক্রান্ত লোকসকলৰ মাত্র ৫ শতাংশহে ধূমপান কৰা লোক৷ চীনত ৩.৮ শতাংশ ধূমপানকাৰীহে ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে৷ বিজ্ঞানীসকলে এই দাবী কৰিলেও ধূমপানৰ বাবে কাকো উৎসাহিত কৰা নাই৷

You might also like