নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ বলীউডৰ মোহময়ী অভিনেত্রী সোণাক্ষি সিন্হাৰ বিৰুদ্ধে প্রতাৰণাৰ গোচৰ ৰুজু হৈছে৷ আইনী জঁটত সোমাই পৰিছে অভিনেত্রীগৰাকী৷ ৩৭ লাখ টকাৰ প্রতাৰণাৰে সৰকোৱাৰ অভিযোগ অনা হৈছে অভিনেত্রী সোণাক্ষিৰ বিৰুদ্ধে৷ যাৰ বাবে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি হৈছে শত্রুঘ্ণ সিন্হাৰ কন্যা সোণাক্ষিৰ বিৰুদ্ধে৷
অভিযোগ অনুসৰি দিল্লীত এক অনুষ্ঠান কৰাৰ বাবে ৩৭ লাখ টকা গ্রহণ কৰিও সেই অনুষ্ঠানত যোগ নিদিলে অভিনেত্রীগৰাকীয়ে৷ এই ধন বাৰে বাৰে ওভোতাই দিয়াৰ বাবে অভিনেত্রীগৰাকীক আর্জি জনোৱা হৈছিল যদিও তাক গুৰুত্ব নিদিলে সোণাক্ষিয়ে৷ গতিকে অনুষ্ঠানৰ প্রযোজক, মোৰাদাবাদৰ বাসিন্দা প্রমোদ শর্মাই অভিনেত্রীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ৷ প্রমোদ শর্মাই দাবী কৰা অনুসৰি দিল্লীৰ মোৰদাবাদত অনুষ্ঠানৰ প্রধান অতিথি হিচাপে থাকিব বুলি প্রতিশ্রুতি দিছিল ‘লুটেৰা’, ‘দাবাং’ আদি জনপ্রিয় ছবিৰ নায়িকাগৰাকীয়ে৷ ইয়াৰ বাবে আনকি সোণাক্ষিয়ে আগতীয়াকৈ সম্পূর্ণ ধন আদায় লৈছিল৷ কিন্তু অনুষ্ঠানৰ দিনাখন অভিনেত্রীগৰাকীয়ে তাত উপস্থিত নহ’ল৷ বাৰে বাৰে প্রমোদ শর্মাই সোণাক্ষিৰ সৈতে যোগাযোগ কৰে যদিও অভিনেত্রীগৰাকীৰ মেনেজাৰে এই ধন ওভতাই দিয়া নহ’ব বুলি ঘোষণা কৰে৷ গতিকে প্রতাৰণাৰ গোচৰ ৰুজু কৰা হয় সোণাক্ষিৰ বিৰুদ্ধে৷