নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ ছোনিয়া গান্ধীয়েই কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী হিচাপে কার্যনির্বাহ কৰিব৷ কংগ্রেছ ৱর্কিং কমিটী (চিডব্লিউচি)ৰ অনুৰোধ ৰক্ষা কৰি শেষ মুহূর্তত দলক নেতৃত্ব প্রদানৰ বাবে ছোনিয়া গান্ধীয়ে সন্মতি প্রদান কৰিছে৷ অৱশ্যে অহা ৬ মাহৰ ভিতৰত এআইচিচিৰ পূর্ণাংগ অধিৱেশন অনুষ্ঠিত কৰি নতুন সভাপতি নির্বাচনৰ বাবে আজি চিডব্লিউচিয়ে সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে নেতৃত্বৰ পৰিৱর্তন আৰু স্থায়ী সভাপতি নির্বাচনৰ দাবীৰে কংগ্রেছত মুকলি বিদ্রোহৰ সূচনা হৈছিল৷ একাংশ জ্যেষ্ঠ নেতা–সাংসদে অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীলৈ এক পত্র প্রেৰণ কৰি দলৰ নেতৃত্ব তথা পৰিচালনা পদ্ধতিক লৈ উত্থাপন কৰিছিল প্রশ্ণ৷ বিষয়টোক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি হোৱাৰ মাজতে আজি আহ্বান কৰা হয় চিডব্লিউচিৰ গুৰুত্বপূর্ণ বৈঠক৷ দিনৰ ১১ বজাৰ পৰা সন্ধিয়া পর্যন্ত চলা চিডব্লিউচিৰ ভার্চুৱেল বৈঠকৰ অন্তত দলৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে নতুন সভাপতি নির্বাচনী প্রক্রিয়া আৰম্ভণি সন্দর্ভত চিডব্লিউচিয়ে সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে এই সন্দর্ভত উত্থাপন কৰা প্রস্তাৱ সর্বসন্মতিক্রমে গ্রহণ কৰা হয়৷ লগতে অহা ৬ মাহৰ ভিতৰত এআইচিচিৰ পূর্ণাংগ অধিৱেশন অনুষ্ঠিত কৰি নতুন সভাপতি নির্বাচন কৰাৰো সিদ্ধান্ত লোৱা হৈছে৷ কংগ্রেছৰ শীর্ষ সূত্রৰ উদ্ধৃতিৰে প্রকাশিত সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি নেতৃত্বৰ পৰিৱর্তন বিচাৰি একাংশই পত্র প্রেৰণ কৰা সন্দর্ভত অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে আক্ষেপ প্রকাশ কৰে৷ চিডব্লিউচিৰ বৈঠকত সামৰণী ভাষণ প্রদান কৰি এই প্রসংগত তেওঁ কয় যে মই মর্মাহত হৈছোঁ৷ কিন্তু তেওঁলোক আমাৰ সহকর্মী৷ আহক সকলোৱে সন্মিলিতভাৱে কাম কৰোঁ৷ ইয়াৰ পূর্বে বৈঠকৰ আৰম্ভণিতে তেওঁ অন্তর্ৱর্তীকালীন সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰিছিল৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি আজি অনুষ্ঠিত চিডব্লিউচিৰ বৈঠকখন আৰম্ভণিতে উত্তপ্ত হৈ পৰে৷ ইয়াৰ মূলতে ৰাহুল গান্ধীৰ এক মন্তব্য৷ নেতৃত্বৰ পৰিৱর্তন বিচৰাসকলৰ প্রতি বিষোদগাৰ প্রকাশ কৰি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰে যে তেওঁলোকৰ অধিকাংশৰ সৈতে বিজেপিৰ গোপন সম্পর্ক আছে৷ ৰাহুল গান্ধীৰ এনে মন্তব্যৰ তীব্র প্রতিবাদ কৰে ৰাজ্যসভাৰ বিৰোধী দলনেতা তথা চিডব্লিউচিৰ অন্যতম সদস্য গোলাম নবী আজাদ আৰু জ্যেষ্ঠ নেতা কপিল ছিবালে৷ ৰাহুল গান্ধীক কার্যতঃ প্রত্যাহ্বান জনাই চিডব্লিউচিৰ বৈঠকত গোলাম নবী আজাদে কয় যে বিজেপিৰ সৈতে সম্পর্ক থকাটো প্রমাণিত হ’লে ৰাজনীতি ত্যাগ কৰিম৷ ইয়াৰ বিপৰীতে কপিল ছিবালে বৈঠক অনুষ্ঠিত হৈ থকাৰ মাজতে এক টুইটত এইদৰে মন্তব্য কৰে– ‘ৰাহুল গান্ধীয়ে কৈছে আমাৰ সৈতে বিজেপিৰ গোপন সম্পর্ক আছে৷ ৰাজস্থান উচ্চ ন্যায়ালয়ত কংগ্রেছক ৰক্ষা কৰাত সাফল্য লাভ কৰিছে৷ মণিপুৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে দলৰ যুদ্ধত সংগ প্রদান কৰিছোঁ৷ বিগত ৩০ বছৰত বিজেপিৰ সমর্থনত এটা কথাও কোৱা নাই৷ তৎসত্ত্বেও বিজেপিৰ সৈতে আমাৰ গোপন সম্পর্ক থকাৰ কথা কোৱা হৈছে৷’ অৱশ্যে কিছু সময়ৰ পিছতেই তেওঁ এই টুইটটো ‘ডিলিট’ কৰি দিয়ে৷ মুঠৰ ওপৰত আজি চিডব্লিউচিৰ বৈঠকখন এইদৰেই উত্তপ্ত হৈ পৰিছিল৷ বৈঠকৰ অন্তত নিশা এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সংবাদ মাধ্যমৰ আগত কয় যে ছোনিয়া গান্ধীৰ নেতৃত্বতেই নতুন সভাপতি নির্বাচন প্রক্রিয়া সম্পন্ন হ’ব৷ কংগ্রেছৰ জ্যেষ্ঠ নেতাজনে ইয়াতকৈ অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নেতৃত্বৰ পৰিৱর্তন বিচাৰি যিসকল নেতাই ছোনিয়া গান্ধীলৈ পত্র প্রেৰণ কৰিছিল, তাৰ ভিতৰত অন্যতম আছিল ৰাজ্যসভাৰ সাংসদ গোলাম নবী আজাদ, কপিল ছিবাল, আনন্দ শর্মা, লোকসভাৰ সাংসদ শশী থাৰুৰ, মনীষ তিৱাৰী, প্রাক্তন কেন্দ্রীয় মন্ত্রী বীৰাপ্পা মৈলী, ৰেণুকা চৌধুৰী, প্রাক্তন কংগ্রেছী মুখ্যমন্ত্রী ভূপিন্দৰ সিং হুদা, পৃথ্বিৰাজ চৌহান, ৰাজিন্দ্রৰ কৌৰ ভাট্টাল, তৰুণ প্রজন্মৰ সন্দীপ দীক্ষিত, মিলিন্দ দেওৰা, জিতিনপ্রসাদ আদি৷