নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ অলপতে হৈ যোৱা পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনত শোচনীয় প্রদর্শন দাঙি ধৰা কংগ্রেছ দলত সৃষ্টি হৈছে তীব্র জোকাৰণি৷ শেহতীয়াকৈ উত্তৰপ্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ প্রদেশ কংগ্রেছৰ সভাপতিক পদত্যাগ কৰিবলৈ নির্দেশ দিছে দলৰ শীর্ষ নেত্রী ছোনিয়া গান্ধীয়ে৷ মঙলবাৰে কংগ্রেছ দলৰ এক সূত্রই সদৰী কৰিছে এই তথ্য৷
নির্বাচনত ৰাজ্যকেইখনত দলটোৰ চৰম ব্যর্থতাৰ বাবেই ৰাজ্যিক নেতৃত্বকেই একপ্রকাৰ জগৰীয়া কৰিছে দলৰ শীর্ষ নেত্রীয়ে৷ গতিকে আটাইকেইখন ৰাজ্যত কংগ্রেছৰ সাংগঠনিক নেতৃত্বত সাল–সলনি ঘটোৱাৰ সিদ্ধান্ত লৈছে ছোনিয়া গান্ধীয়ে৷ ইতিমধ্যে উত্তৰ প্রদেশৰ কংগ্রেছ সভাপতি অজয় কুমাৰ লাল্লুসহ পাঁচোখন ৰাজ্যৰ কংগ্রেছ সভাপতিলৈ নির্দেশো প্রেৰণ কৰিছে দলৰ হাইকমাণ্ডে৷ অৱশ্যে এই সন্দর্ভত সবিশেষ তথ্য এতিয়াও সদৰী হোৱা নাই৷ কালি নিশাৰ ভিতৰলৈ এই বিষয়টো সন্দর্ভত সবিশেষ তথ্য কংগ্রেছ হাইকমাণ্ডে সংবাদ মাধ্যমক জনোৱাৰ সম্ভাৱনা আছে৷