নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ১৫ অক্টোবৰৰ পৰা খুলিব চিনেমা হ’ল, চৰকাৰে দিলে কেতবোৰ নীতি নিৰ্দেশনা

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ   লক ডাউনৰ বাবে বন্ধ হৈ থকা চিনেমা হ’ল সমূহ অহা ১৫ অক্টোবৰৰ পৰা পুনৰ খুলিব । কিন্তু এই সময়ত  কঠোৰ নীতি নিয়মৰ মাজৰে চিনেমা হ’লটো পৰিচালিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে এই সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছে। মন্ত্ৰী জনৰ মতে চিনেমা উদ্যোগৰ লগত জড়িত লোকৰ সৈতে আলোচনা কৰিহে নীতি নিৰ্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে গৃহ মন্ত্ৰালয়ে চিনেমা হ’ল সমূহ অহা ১৫ অক্টোবৰৰ পৰা খুলিবলৈ অনুমতি প্ৰদান কৰিছিল। যাৰ পৰিপেক্ষিতত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আজি কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে।

তাৰেই কেইটামান নিৰ্দেশ হৈছেঃ

১. চিনেমা হ’লৰ ভিতৰত সামাজিক দূৰত্ব পালন কৰিব লাগিব আৰু ৫০ শতাংশ দৰ্শকে চিনেমা উপভোগ কৰিব পাৰিব। লগতে এটা চিট এৰি আন এটা চিটত দৰ্শক বহিব লাগিব।

২. সকলোৱে আৰোগ্য সেতু এপ ডাউনলোড কৰিব লাগিব।

৩. চিনেমা হ’লৰ ভিতৰত হাত ধুৱাৰ ব্যৱস্থা আৰু ছেনিটাইজাৰ ৰখাৰ ব্যৱস্থা কৰিব লাগিব।

৫. প্ৰত্যকজন দৰ্শকৰ থাৰ্মেল স্কীনিং কৰা হ’ব।

৬. অনলাইন টিকটৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হ’ব।

৭. খোৱা বোৱা সামগ্ৰী পেকেজিং কৰাৰ ব্যৱস্থা কৰা হ’ব।

৮. চিনেমা হ’ল সম্পূৰ্ণ ৰূপে ছেনিটাইজ কৰা ব্যৱস্থা কৰা হ’ব।

 

You might also like