নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাক সকীয়াই ‘কেৰিয়াৰ কিলাৰ’ মিছাইলৰ টেষ্ট চীনৰ

দক্ষিণ চীন সাগৰত তীব্র উত্তেজনা

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  দক্ষিণ চীন সাগৰত নিজৰ  সার্বভৌমত্ব প্রমাণৰ লক্ষ্যৰে চীনে মধ্য দূৰত্ব মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিলে৷ বুধবাৰে বিবদমান সমুদ্র পথটোত উপর্যুপৰি কেইবাটাও ‘কেৰিয়াৰ কিলাৰ’ মিছাইল টেষ্ট ফায়াৰ কৰে৷বিবদমান অঞ্চলটোত নিজৰ শক্তিশালী স্থিতি জাহিৰ কৰাৰ বাবেই বেইজিঙে কোনো আগজাননী নিদিয়াকৈ এই পদক্ষেপ লয়৷ ইয়াক আমেৰিকাৰ প্রতি চীনৰ সকীয়নি বুলিয়ে অভিহিত কৰা হৈছে৷ কিয়নো দক্ষিণ চীন সাগৰত নিজৰ অধিকাৰক লৈ ফিলিপাইনছ, টাইৱান, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ভিয়েটনামে উত্থাপন কৰা দাবীৰ প্রতি শেহতীয়াকৈ আমেৰিকাই মুকলি সমর্থন আগবঢ়াইছিল৷ আনকি ইউৰোপত থকা মার্কিন সেনাক উক্ত অঞ্চলটোলৈ স্থানান্তৰ কৰি আমেৰিকাই প্রকাশ্যে ঘোষণা কৰিছিল যে চীনৰ দমনীয় স্থিতিৰ পৰিপ্রেক্ষিতত দক্ষিণ এছিয়াৰ বন্ধু ৰাষ্ট্রসমূহৰ মনোবল অটুট ৰখাৰ বাবে আমেৰিকাৰ কৰণীয় আছে৷ যোৱা মাহৰ এই ঘটনা প্রৱাহৰ মাজত দুখন মার্কিন যুদ্ধ জাহাজো দক্ষিণ চীন সাগৰলৈ প্রেৰণ কৰা হৈছিল৷ ইয়াৰ পিছতে বুধবাৰে চীনে কেইবাটাও মধ্য দূৰত্ব ক্ষেপণাস্ত্রৰ টেষ্ট ফায়াৰ কৰা ঘটনাই সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে৷ দক্ষিণ চীন সাৰত চীনে বিগত কেইবাসপ্তাহ ধৰি চলাই থকা সামৰিক অনুশীলনৰ মাজতে উপকূল অঞ্চলৰ কেইবাশ মাইললৈ চীনে মিছাইল নিক্ষেপ কৰে৷ অৱশ্যে কোনো স্থিৰ লক্ষ্য লৈ এই মিছাইল নিক্ষেপ কৰা হোৱা নাছিল৷ জানিব পৰা মতে, টেষ্ট ফায়াৰৰ আনুষ্ঠানিক আগজাননী নিদিলেও চীনে সামগ্রী সৰবৰাহকাৰী জাহাজৰ সুৰক্ষাক লৈ আমেৰিকাক সতর্কতা অৱলম্বন কৰিবলৈ সতর্ক কৰি দিছিল বুলি ভিতৰুৱা সূত্রই প্রকাশ কৰিছে৷ বুধবাৰৰ টেষ্ট ফায়াৰৰ বিষয়ে পোনপটীয়াকৈ কোনোধৰণৰ উল্লেখ নকৰাকৈ চীনৰ ৰাষ্ট্রীয় সুৰক্ষা মন্ত্রালয়ৰ মুখপাত্র উ কিয়ানে কয় যে চীনে পূর্ব পৰিকল্পনা মতেই দক্ষিণ চীন সাগৰত সামৰিক অনুশীলন চলাইছে৷ কোনো বিশেষ দেশক লক্ষ্য কৰি চীনে এই অনুশীলন চলোৱা নাই বুলিও উৱে স্পষ্ট কৰি দিয়ে৷ অৱশ্যে এসপ্তাহৰ পূর্বে চীনে দক্ষিণ চীন সাগৰৰ নির্দিষ্ট অঞ্চলক ‘ট্রেভেল এক্সক্লুজন জ’ন’ হিচাপে ঘোষণা কৰিছিল৷ এই ঘোষণাক আমেৰিকাই টেষ্ট ফায়াৰৰ আগজাননী বুলি ধৰি লৈ উক্ত অঞ্চলৰ ওপৰত উপগ্রহ চিত্র আৰু চোৰাংচোৱাৰ জৰিয়তে কাঢ়া নজৰ ৰাখিছিল৷ ইতিমধ্যে পেণ্টাগনে চীনৰ মূল ভূখণ্ডৰ পৰা সমুদ্রখনলৈ নিক্ষেপ কৰা চাৰিটা মিছাইল ধৰা পেলাইছে৷ উল্লেখ্য যে চীনৰ মধ্য দূৰত্বৰ মিছাইলসমূহৰ ভিতৰত অত্যাধুনিক ডিএফ–২৬ আৰু ডিএফ–২১ মিছাইল বিশেষভাৱে উল্লেখযোগ্য৷ এই দুয়োটা মিছাইলেৰে গতিময় লক্ষ্যক সহজে আক্রমণ কৰাটো সম্ভৱ৷ সেয়ে ইয়াক কেৰিয়াৰ কিলাৰ মিছাইল হিচাপে অভিহিত কৰা হয়৷ সামৰিক বিশেষজ্ঞ এম টেইলৰ ফাভেলে কয় যে বিগত কেইবছৰমানত চীনে নিজৰ সামৰিক অস্ত্রভাণ্ডাৰ অধিক শক্তিশালী কৰি তুলিছে৷ বিগত দুটা দশকৰ সামৰিক আধুনিকীকৰণৰ জৰিয়তে চীনে অর্জন কৰা নতুন শক্তি শেহতীয়া সামৰিক অনুশীলনসমূহত পৰিলক্ষিত হোৱা বুলি তেওঁ কয়৷ বুধবাৰৰ ঘটনাক আমেৰিকাই গৰিহণা দি কয় যে দক্ষিণ চীন সাগৰক সামৰিক কার্যকলাপৰ পৰা মুক্ত ৰখাৰ বাবে দিয়া প্রতিশ্রুতি চীনে ভংগ কৰিছে৷ কিন্তু এই ঘটনাৰ পিছত আমেৰিকাই দক্ষিণ চীন সাগৰত হস্তক্ষেপ কৰাৰ সপক্ষে যুক্তি প্রদর্শনৰো সুযোগ পাইছে৷ উক্ত অঞ্চললৈ মার্কিন নৌ সেনাই নতুনকৈ কেইবাখনো যুদ্ধ জাহাজ প্রেৰণৰ সম্ভাৱনাক লৈ এতিয়া চলিছে জল্পনা–কল্পনা৷ স্মর্তব্য যে মঙলবাৰে আমেৰিকাই চীনৰ সামৰিক ুশীলনস্থলীৰ আকাশ মার্গলৈ ইউ–২ স্পাই বিমান প্রেৰণ কৰা বুলি বাতৰি প্রকাশ পাইছিল৷ চীনে ইয়াক আমেৰিকাৰ মুকলি প্রত্যাহ্বান বুলি অভিহিত কৰিছিল৷ এদিনৰ পিছতে চীনে ইয়াৰ প্রত্যুত্তৰ হিচাপেই মিছাইলৰ টেষ্ট ফায়াৰ কৰা বুলি চর্চা হৈছে৷

You might also like