দক্ষিণৰ বিৰুদ্ধে অভিযান নচলায় উত্তৰ কোৰিয়াই, সিদ্ধান্ত বাতিল পিয়ংয়াঙৰ
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ প্রতিবেশী দক্ষিণ কোৰিয়াৰ সৈতে সম্পর্কৰ অৱনতি ঘটা সময়তে উত্তৰ কোৰিয়াই দেশখনৰ বিৰুদ্ধে সামৰিক অভিযান চলাব বুলি হুংকাৰ দিছিল যদিও শেহতীয়াকৈ সংবাদ মাধ্যমে কোনোধৰণৰ সামৰিক অভিযানৰ পৰিকল্পনা নাই বুলি ঘোষণা কৰিছে৷
উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পূর্ব পৰিকল্পিত সামৰিক অভিযান এই মুহূর্তত সম্ভৱ নহয়৷ স্মর্তব্য যে দুয়োখন দেশৰ মাজত থকা এক সমন্বয়ৰক্ষী কার্যালয়ৰ পৰা উত্তৰ কোৰিয়াই সমর্থন প্রত্যাহাৰ কৰাৰ পাছৰে পৰা সম্পর্কৰ দ্রুত অৱনতি ঘটিছে৷ লগে লগে দক্ষিণ কোৰিয়া সীমান্তৰ পৰা উত্তৰৰ আকাশলৈ বিভিন্ন সংগঠনৰ দেশখনৰ বিৰুদ্ধে প্রচাৰ পত্রিকাসহ উৰুৱাই দিছে বেলুন৷
ইয়াক প্রত্যাহ্বান জনাবলৈ উত্তৰ কোৰিয়াই সীমান্তত পূর্বৰ দৰে মাইক স্থাপন কৰি দক্ষিণ কোৰিয়া বিৰোধী প্রচাৰ আৰম্ভ কৰিছে৷ এই অস্থিৰতাৰ মাজতে মাত্র এটা সপ্তাহ পূর্বে দক্ষিণৰ বিৰুদ্ধে সামৰিক অভিযানৰ হুংকাৰ দিছিল কিম জং–উনৰ ভগ্নীয়ে৷