নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহৰম শোভাযাত্রাৰ অনুমতি নিদিলে উচ্চতম ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ দেশজুৰি মহৰম শোভাযাত্রাৰ অনুমতি নিদিলে উচ্চতম ন্যায়ালয়ে৷ ইছলাম ধর্মাৱলম্বী লোকৰ উৎসৱ মহৰমৰ শোভাযাত্রাৰ অনুমতি বিচাৰি উত্তৰ প্রদেশৰ ছৈয়দ কালবে জাৱাদ নামৰ লোকজনে জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মহৰমত শোভাযাত্রা উলিওৱাৰ অনুমতি নিদিয়ে৷ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই এই সন্দর্ভত কয় যে যদি দেশজুৰি মহৰমৰ শোভাযাত্রা উলিওৱাৰ অনুমতি দিয়া হয়, তেতিয়াহ’লে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ’ব আৰু মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ সম্প্রসাৰিত হোৱাৰ কাৰণে এটা নির্দিষ্ট সম্প্রদায়ক আক্রমণ কৰা হ’ব৷

উল্লেখ্য যে পুৰীৰ ৰথযাত্রা উৎসৱত অনুমতি দিয়াৰ প্রসংগ উল্লেখ কৰি দাখিল কৰা আবেদনখন সন্দর্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়– ‘আপোনালোকে পুৰী জগন্নাথ ৰথযাত্রাৰ প্রসংগ উল্লেখ কৰিছে৷ সেয়া এটা স্থানত আৰু এটা পথতে হয়৷ কিন্তু আপোনালোকে মহৰমৰ বাবে দেশজুৰি অনুমতি বিচাৰিছে৷ আমি সকলো লোকৰ স্বাস্থ্যৰ দায়িত্ব ল’ব নোৱাৰোঁ৷ যদি এটা স্থানৰ বাবে অনুমতি বিচাৰিলেহেঁতেন, আমি তাক বিবেচনা কৰিলোহেঁতেন৷’

You might also like