এটি পাৰ চৰাইৰ বিৰুদ্ধে গোচৰ ৰুজু অমৃতসৰ আৰক্ষীৰ, চোৰাংচোৱাৰ সন্দেহ
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ পাকিস্তান-ভাৰতৰ আন্তর্জাতিক সীমান্ত পঞ্জাবত অমৃতসৰ আৰক্ষীয়ে কৰায়ত্ত কৰা সন্দেহযুক্ত পাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ তথ্য মতে পঞ্জাবৰ ৰুৰানৱালা সীমান্ত নিৰীক্ষণ চকীত কর্তব্যৰত এজন কনিষ্টবলৰ সমীপত পাৰ চৰাইটো যোৱা ১৭ এপ্রিলৰ বিয়লি ঘূৰা–ফুৰা কৰি থকা সময়ত কৰায়ত্ত কৰে৷
কুমাৰ নামৰ কনিষ্টবলজনে পাৰ চৰাইটো ধৰি নি তেওঁলোকৰ কমাণ্ডাৰ ওমপাল সিঙক বিষয়টো অৱগত কৰায়৷ ইয়াৰ পিছতেই কৰায়ত্ত কৰা পাৰ চৰাইটোৰ স্কেনিং কৰা হয়৷ স্কেনিং কৰাৰ পূর্বে অমৃতসৰৰ কাহাৰগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়৷
মন কৰিবলগীয়া যে পাৰ চৰাইটোৰ পৰা এখন বগা কাগজ উদ্ধাৰ কৰা হয়৷ এই কাগজখন টেপেৰে চৰাইটোৰ গাত লগাই থোৱা আছে আৰু কাগজখনত কিবাকিবি নম্বৰ লিখা আছে৷ গুৰুত্বপূর্ণ যে পাৰ চৰাইৰ জৰিয়তে দেশৰ চোৰাংচোৱা সংস্থাসমূহে তথ্য সংগ্রহ কৰাৰ অনেক উদাহৰণ আছে৷
পাকিস্তানৰ সীমান্তত কৰায়ত্ত কৰা পাৰ চৰাইটোৰ চুবুৰীয়া ৰাষ্ট্রখনৰ চোৰাংচোৱা হোৱাৰ সম্ভাৱনা থকাৰ প্রতি লক্ষ্য ৰাখি বিষয়টো গভীৰভাৱে লৈ তদন্ত চলাই আছে৷