নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসমূহলৈ ১৭ কোটি ভেকচিন ড’জঃ কেন্দ্র

নিয়মীয়া বাৰ্তা ৬ মেঃ  দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ ১৭ কোটিতকৈ অধিক ক’ভিড–১৯ ভেকচিন ড’জ যোগান ধৰা বুলি আজি কেন্দ্রীয় চৰকাৰে প্রকাশ কৰিছে৷ সম্পূর্ণ বিনামূলীয়াকৈ ১৭.০২ ভেকচিন ড’জ ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলসমূহক যোগান ধৰিছে৷ ইয়াৰে ভিতৰত এতিয়াও ব্যৱহাৰ কৰিবলৈ ৯৪.৪৭ লাখ ড’জ বাকী আছে বুলিও কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে বিবৃতিত এই কথাও উল্লেখ কৰিছে যে ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলসমূহে ক’ভিডক লৈ পৰীক্ষণ, চিনাক্ত আৰু চিকিৎসাক গুৰুত্ব দিয়াৰ লগতে ক’ভিড–১৯ৰ সঠিক আচৰণ কৰাত প্রাধান্য দিব৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ নির্দেশনা অনুসৰি ইতিমধ্যে যোৱা ১ মে’ৰ পৰা ১৮ৰ ঊর্ধ্বৰ নাগৰিকক বিনামূলীয়াকৈ ক’ভিড–১৯ ভেকচিন প্রদান অভিযান আৰম্ভ কৰা হৈছে৷ অৱশ্যে ভেকচিনৰ নাটনিৰ বাবে কিছু কিছু ৰাজ্যত এই অভিযান আৰম্ভ হোৱা নাই যিকেইখন ৰাজ্যত আৰম্ভ হৈছে তাতো সীমিত পৰিসৰত হৈছে৷

You might also like