আজৱ! কেতিয়াবা নিজৰ শিশুটিক উচ্চতাৰ পৰা দলিয়াই , কেতিয়াবা দিয়া হয় জন্তুৰ লগত বিবাহ কিন্তু কিয়….
নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ আমি ২১ শতিকাত জীয়াই আছো যদিও বিশ্বত এনে কিছুমান প্ৰথা আছে যিবোৰৰ বিষয়ে জানিলে হয়তো গাৰ নোম শিয়ৰি উঠিব। আমাৰ দেশ ভাৰততো এনে কিছুমান পৰম্পৰা পালন কৰা হয় যে যি বহু ভয়াৱহ। য’ত শৰীৰত লোহা খোদিত কৰা লৈকে নিজৰ শিশুটিক উচ্চতাৰ দলিয়াই দিয়া প্ৰথা আছে। অন্ধবিশ্বাসৰ বাবে এই কাম কৰা হয়।
থাইপুসমঃ তামিলনাডুত এনে এটা উৎসৱ পালন কৰা হয় য’ত শ্ৰদ্ধালু সকলে নিজৰ ছালত ফুটা কৰি লো ভৰাই লয়। তাৰ পিছত লোৰে বহু গধুৰ বস্তু টানে। কিছুলোকে আনকি শৰীৰত বেজিৰে বিন্ধাই থাকে। এই উৎসৱৰ নামে থাইপুসম। ইয়াক ৪৮ দিনলৈকে পালন কৰা হয়।
শিশুক উচ্চতাৰ পৰাঃ দলিওৱা মহাৰাষ্ট্ৰৰ সৌলাপুৰত শিশুক উচ্চতাৰ পৰা দলিয়াই দিয়াৰ দৰে অদ্ভুত নিয়ম আছে। ইয়াত বাবা আমিৰৰ দৰগাহ আছে। ইয়াত যদি কাৰোবাৰ সন্তান প্ৰাপ্তিৰ আশা পূৰণ হয় তেতিয়া তেওঁলোকে নিজৰ শিশুটিক উচ্চতাৰ পৰা দলিয়াই দিয়ে আৰু অন্য বেলেগ লোকে শিশুটিক ধৰিবলৈ চেষ্টা কৰে।
জন্তুৰ লগত বিবাহঃ হিন্দু ধৰ্মত, বেছিভাগ লোকে ৰাশিফল মিলাই বিবাহ পাশত আৱদ্ধ হয়। এনে পৰিস্থিতিত, যিসকল লোকৰ ৰাশিফলত মাংলিক দোষ আছে তেওঁলোকৰ বাবে ই অতি কঠিন হৈ পৰে। তেতিয়া মাংগলিক দোষ আঁতৰাবলৈ কুকুৰ বা আন এটা জন্তুক বিয়া কৰাব লাগে। বহু ভেদে বহু ঠাইত গছ এডালক বিয়া কৰাটোও প্ৰচলিত।
ধিঙ্গা গোৱাৰঃ ৰাজস্থানৰ যোধপুৰত এক উৎসৱ পালন কৰা হয় য’ত মহিলাসকলে দেৱতাৰ ৰূপ লয়। এই উৎসৱৰ নাম ধিঙ্গা গোৱাৰ । এই উপলক্ষে মেলাও অনুষ্ঠিত হয়। মেলাখন চাবলৈ বহু সংখ্যক লোক আহে।
source- zee news