সুশান্ত কেছঃ ৰিয়াক কাইলৈ পুনৰ ইডিয়ে কৰিব জেৰা
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ যোৱা শুকুৰবাৰে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত প্ৰেমিকা ৰিয়াক ই ডিয়ে সোধা-পোছা কৰাৰ পিছত পুনৰ কাইলৈ সোধা-পোছা কৰাৰ বাবে ই ডিয়ে চমন পঠিয়াইছে ৰিয়া চক্ৰৱৰ্তীক।
জানিব পৰা মতে, শুকুৰবাৰৰ সোধা-পোছাৰ সময়ত ৰিয়াই আত্মপক্ষ সমৰ্থনত কোনো বিশেষ যুক্তি আগবঢ়াব পৰা নাছিল। অভিনেত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ ওপৰত টকাৰ লেনদেন সম্পৰ্কীয় গোচৰ ৰুজু কৰা হৈছিল আৰু এই সম্পৰ্কীয় কোনো তথ্য-প্ৰমাণ ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰৱৰ্তন নিৰ্দেশালয় (ই ডি)ৰ ওচৰত দাখিল কৰিব পৰা নাছিল।
শুকুৰবাৰে প্ৰায় ৪ ঘণ্টা ধৰি ইডিয়ে ৰিয়াক সোধা-পোধা কৰাৰ পিছত কালি ৰিয়াৰ ভায়েক শৌভিক চক্ৰৱৰ্তীক প্ৰায় ১৮ ঘণ্টাজুৰি ই ডিয়ে সোধা-পোছা কৰিছিল।
জানিব পৰা মতে সুশান্তৰ একাউণ্টৰ পৰা ৰিয়াৰ একাউণ্টলৈ হোৱা বিত্তীয় লেনদনৰ নথি ইডিয়ে ৰিয়াক দেখুৱাই আৰু ৰিয়াৰ একাউণ্টত হঠাতে জমা হোৱা বিত্তৰ নথিপত্ৰও দেখুৱায়। কিন্তু এই বিত্তীয় লেনদেন সম্পৰ্কীয় বিষয়ক প্ৰশ্নৰ সন্তোষজনক উত্তৰ ৰিয়াই ইডিক দিব পৰা নাই।
এনে কাৰণতে ৰিয়াৰে পুনৰ সোধা-পোছা কৰিব কাইলৈ। উল্লেখ্য সুশান্তৰ মৃত্যুৰে ৰিয়া আৰু ৰিয়াৰ পৰিয়ালৰ বিশেষ ভূমিকা থকাৰ সন্দেহত সুশান্তৰ পিতৃ কে কে সিঙে গোচৰ ৰুজু কৰিছিল।