নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ কোটি ৰেচন কার্ড বাতিলক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ কেন্দ্রীয় চৰকাৰে আধাৰকার্ডৰ সৈতে লিংক নকৰা বাবেই প্রায় ৩ কোটি ৰেচন কার্ড বাতিল কৰি দিয়া বিষয়টো যথেষ্ট উদ্বেগজনক বুলি অভিহিত কৰিছে উচ্চতম ন্যায়ালয়ে৷

এই বিষয়টো সন্দর্ভত শীঘ্রে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰসমূহৰ পৰা মতামত বিচাৰিছে দেশৰ শীর্ষ আদালতখনে৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে নেতৃত্বাধীন তিনিজনীয়া বিচাৰপতিৰ বিচাৰপীঠে আধাৰ কার্ডৰ সৈতে ৰেচন কার্ড লিংক নকৰা বিষয়টোক বিৰোধাত্মক বুলি কেন্দ্রীয় চৰকাৰে গণ্য কৰাটো উচিত নহয় উল্লেখ কৰিছে৷

বিষয়টো সন্দর্ভত চূড়ান্ত শুনানি গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে ন্যায়ালয়ে৷ উল্লেখনীয় যে কৈলী দেৱী নামৰ এগৰাকী মহিলাৰ হৈ চৰকাৰৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই ন্যায়ালয়ত আবেদনখন জনাইছিল জ্যেষ্ঠ অধিবক্তা ক’লিন গনছালভেছে৷ স্মর্তব্য যে কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ ফলত তিনি কোটি হিতাধিকাৰীৰ জীৱনলৈ নামি আহিছে সংকট৷

You might also like