পিএম কেয়ার্ছ ফাণ্ডৰ ধন স্থানান্তৰ নহয়, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ প্রধানমন্ত্রীৰ নাগৰিক সাহায্য তথা জৰুৰী পৰিস্থিতিৰ সময়ত ত্রাণৰ বাবে জমা হোৱা পি এম কেয়ার্ছ ফাণ্ডত জমা হোৱা ধন ৰাষ্ট্রীয় দুর্যোগ সাহায্য পুঁজিলৈ (এন ডি আৰ এফ) স্থানান্তৰ কৰাত প্রয়োজন নাই৷
আজি উচ্চতম ন্যায়ালয়ে এন জি অ’ চেণ্টাৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে দাখিল কৰা এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (পি আই এল) শুনানি গ্রহণ কৰি এই ৰায়দান কৰিছে৷ শীর্ষ আদালতখনৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে পি এম কেয়ার্ছ ফাণ্ডৰ পৰা আন সংস্থালৈ ধন স্থানান্তৰ কৰাৰ ক্ষেত্রত কোনো ধৰণৰ নির্দেশনা জাৰি কৰা নহ’ব৷
উল্লেখনীয় যে ক’ভিড–১৯ মহামাৰীৰ বিষয়টোত গুৰুত্ব প্রদান কৰি পি এম কেয়ার্ছ ফাণ্ডৰ ধন এন ডি আৰ এফলৈ স্থানান্তৰ কৰিব লাগে বুলি স্বেচ্ছাসেৱী সংস্থাটোৱে আবেদনখনত উল্লেখ কৰিছিল৷