অ’টিটি প্লেটফৰ্মত পৰ্নোগ্ৰাফী প্ৰদৰ্শন কৰি থকা হৈছেঃ উচ্চতম ন্যায়ালয়
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ উচ্চতম ন্যায়ালয়ে আজি অনলাইন প্লেটফৰ্মত প্ৰদৰ্শন কৰা ৱেবছিৰিজক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ন্যায়ালয়খনে তাণ্ডৱ ছবিক লৈ চলা এটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ সময়ত প্ৰকাশ কৰে যে কিছু অটিটি প্লেটফৰ্মত পৰ্নোগ্ৰাফীও প্ৰদৰ্শন কৰা হৈ আছে।
আদালতৰ হৈ ন্যায়াধীশ অশোক ভূষণে কয়- ‘কিছুমান অটিটি প্লেটফৰ্মত পৰ্নোগ্ৰাফী প্ৰদৰ্শন কৰা হৈ আছে, এই প্লেটফৰ্মত প্ৰদৰ্শন কৰা বিষয়বোৰ স্ক্ৰিনিং কৰা দৰকাৰ।’
আদালতে লগতে চৰকাৰক এইক্ষেত্ৰত প্ৰণয়ন কৰিব বিচৰা গাইডলাইন কাইলৈ আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম টাইমৰ ৱেবছিৰিজ ‘তাণ্ডৱ’ক লৈ চলা বিচাৰ প্ৰক্ৰিয়াৰ মাজত এই কথাৰ অৱতাৰণা কৰে। এমাজন প্ৰাইম টাইমৰ অপৰ্ণা পুৰোহিতৰ অগ্ৰিম জামিনক লৈও কালি শুনানি দিব আদালতে।