নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি বি আয়ে কৰিব সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ বলীউডৰ উজ্জ্বল প্ৰতিভা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ ভাৰ দিয়া হ’ল চি বি আইক। উচ্চতম ন্যায়ালয়ে আজি এক ৰায়দানযোগে চি বি আইক এই তদন্তৰ দায়িত্ব অৰ্পণৰ কথা ঘোষণা কৰে।

উল্লেখ্য, সুশান্ত ৰাজপুতৰ পিতৃ আৰু বিহাৰ চৰকাৰৰ তৰফৰ পৰা এই মৃত্যুৰ তদন্ত চি বি আইক দিয়াৰ বাবে আবেদন জনোৱা হৈছিল যদিও মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাই আৰক্ষীৰ জৰিয়তে তদন্ত আগবঢ়াই নিয়াৰ পোষকতা কৰিছিল।

ইয়াৰ লগতে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁক অভিযুক্ত কৰি বিহাৰত পঞ্জীয়ন হোৱা গোচৰটো মুম্বাইলৈ বদলীকৰণৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনখন সন্দৰ্ভত ৰায়দান কৰি জনায় যে তদন্ত চি বি আয়ে কৰিব।

ন্যায়ালয়ে লগতে বিহাৰত পঞ্জীয়ন হোৱা গোচৰটো সঠিক বুলি গণ্য কৰে আৰু বিহাৰ চৰকাৰে চি বি আই তদন্তৰ বাবে জনোৱা অনুমোদনক ন্যায্যতা প্ৰদান কৰে। ন্যায়ালয়ে তদন্তৰ ক্ষেত্ৰত চি বি আইক সহায় কৰাৰ লগতে ইতিমধ্যে মুম্বাই আৰক্ষীয়ে সংগ্ৰহ কৰা তথ্য-প্ৰমাণ সংস্থাটোক গতাই দিয়াৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে এই ৰায়ক প্ৰত্যাহ্বান জনাবলৈ স্বাধীনতা বিচাৰিছিল যদিও ন্যায়ালয়ে ইয়াক অস্বীকাৰ কৰে। গতিকে এতিয়া মহাৰাষ্ট্ৰ চৰকাৰে ন্যায়ালয়খনৰ ৰায়দানক কোনো প্ৰত্যাহ্বান জনাব নোৱাৰিব। উল্লেখ্য শীৰ্ষ আদালতখনৰ এই ৰায়দানক বিহাৰ চৰকাৰে স্বাগতম জনোৱাৰ লগতে সুশান্ত ৰাজপুতৰ অনুৰাগীৰ মাজত আনন্দৰ বন্যা বয়।

You might also like