নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা মোবাইল আৰু মাত্ৰ ২ মিনিটৰ বাবে অহা নেটৱৰ্কৰ বাবে বাচিল ১২গৰাকীৰ প্ৰাণ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ ঘিটমিটীয়া অন্ধকাৰ। ভৰিৰ তলেৰে বৈ আছে হিমশীতল পানীৰ স্ৰোত। ভৰি এক ইঞ্চিও ইফাল-সিফাল হ’লেই মৃত্যু অৱধাৰিত।

তপোবনৰ সুৰংগত লোহাৰ ৰডত ধৰি চাৰি ঘণ্টা ধৰি সাধাৰণভাৱে খোপনি লৈ ওলমি আছিল ১২গৰাকী শ্ৰমিক। অৱশেষত আই টি বি পিয়ে উদ্ধাৰ কৰে আটাইকে। কিন্তু এই উদ্ধাৰ কাৰ্য সম্ভৱ হৈছিল এটা মোবাইলত ২ মিনিটৰ কাৰণে অহা নেটৱৰ্কৰ বাবে।

উদ্ধাৰ হোৱা এগৰাকী শ্ৰমিকে কয়- ‘ভগৱান যেন দূত হৈ আহিছিল। লগত এটা মোবাইল আছিল যদিও নেটৱৰ্ক নাছিল। কিন্তু হঠাতে নেটৱৰ্ক আহে আৰু ফোন বাজে। লগে লগে কৰ্তৃপক্ষৰে যোগাযোগ হয় আৰু আবদ্ধস্থলীৰ সম্ভেদ দিয়াত উদ্ধাৰকাৰীয়ে আমাক আটাইকে উদ্ধাৰ কৰে।

যদি ২ মিনিটৰ নেটৱৰ্ক নাহে, আমি এই কথা ক’বলৈ বাচি নাথাকিলোঁহেতেন।’

উল্লেখ্য উত্তৰাখণ্ডৰ জলপ্ৰলয়ৰ সময়ত যোশীমঠ সংলগ্ন টানেলৰ মুখ বন্ধ হৈ যোৱা সত্ত্বেও অবিশ্বাস্যভাৱে মোবাইলৰ বাবে সম্ভৱ হয় উদ্ধাৰকাৰ্য।

You might also like