সুশান্তঃ এন আনট’ল্ড ষ্ট’ৰী, যোৱা সপ্তাহত প্রয়াত মাতৃলৈ ছ’চিয়েল মিডিয়াত লিখিছিল এটা আৱেগিক পোষ্ট
নিয়মীয়া বাৰ্তা ১৫ জুনঃ তোমাৰ মনত আছেনে? সদায় মোৰ সৈতে থাকিবা বুলি তুমি প্রতিশ্রুতি দিছিলা৷ ময়ো তোমাক প্রতিশ্রুতি দিছিলোঁ যে পৰিস্থিতি যিয়ে নহওক, মই সদায় হাঁহি থাকিম৷ সম্ভৱতঃ আমাৰ দুয়োজনৰে ভুল হৈছিল, মা…’৷ স্বর্গগামী মাতৃক স্মৰণ কৰি যোৱা সপ্তাহত ছ’চিয়েল মিডিয়াত এই আৱেগিক প’ষ্ট দিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে৷ ২০০২ চনতে মৃত্যু হোৱা মাতৃৰ সৈতে নিজৰ এখন ফটোও তেওঁ ইয়াৰ পূর্বে ছ’চিয়েল মিডিয়াত ৩ জুনৰ দিনা শ্বেয়াৰ কৰিছিল৷ তেওঁ লিখিছিল– ‘ধূসৰ অতীত ভাপ হৈ উৰি গৈছে অশ্রুৰ টোপালৰ পৰা৷ সীমাহীন সপোনবোৰে আঁকিছে হাঁহিৰ এডাল বক্র আঁচ৷ দুয়োটাৰ মাজত বুজাবুজি কৰি আছে এটা গতিময় চমু জীৱনে৷’ এঘাৰ দিনৰ পিছতে এই প্রতিভাৱান যুৱ অভিনেতাজনৰ মৃতদেহ উদ্ধাৰ হ’ল বান্দ্রাৰ নিজৰ বাসগৃহত৷ মুম্বাই আৰক্ষীৰ ডিচিপি অভিষেক ত্রিমুখেই জনোৱা মতে, সুশান্তই আত্মহত্যা কৰা বুলি প্রাথমিক তদন্তত নিশ্চিত কৰা হৈছে৷
উল্লেখ্য যে সুশান্তৰ ঘৰৰ বনকৰা ল’ৰাই তেওঁ চিপ লোৱা অৱস্থাত প্রত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিছিল৷ আৰক্ষীয়ে মৃতদেহৰ কাষত কোনো ছুইচাইড নোট উদ্ধাৰ কৰা নাই৷ কি কাৰণত প্রতিভাৱান অভিনেতাজনে আত্মহননৰ পথ বাছি ল’লে, সেয়া ৰহস্যৰ আৱর্তত৷ ৩৪ বছৰীয়া অভিনেতাজনৰ অভিনয় জীৱন ভৱিষ্যৎ উজ্জীৱিত বুলি বলীউডৰ লগতে চিনেমাপ্রেমীৰ মাজত প্রচুৰ চর্চা হোৱাৰ বিপৰীতে ব্যক্তিগত জীৱনত যে তেওঁ মানসিক দ্বন্দ্বত ভুগিছিল, সেই কথা কোনেও অনুমান কৰিব পৰা নাছিল৷ কিবা কাৰণত তেওঁ হতাশাগ্রস্ততাত ভুগিছিল নেকি, সেই সন্দর্ভত তদন্তকাৰী আৰক্ষী বিষয়াই অনুসন্ধান চলাব৷ লক্ষণীয় যে যোৱা সপ্তাহতেই সুশান্তৰ প্রাক্তন মেনেজাৰ দিশা ছালিয়ানেও আত্মহত্যা কৰিছিল৷
দেওবাৰে তেওঁৰ মুখপাত্রজনে এক বিবৃতিযোগে এই দুখৰ সময়ত প্রয়াত অভিনেতাজনৰ গোপনীয়তাক সন্মান জনাবলৈ অনুৰাগীসকলক অনুৰোধ জনায়৷ সুশান্ত সিং ৰাজপুতৰ অভিনয় প্রতিভাৰ পৰিচয় পোৱা গৈছিল সৰু পর্দাৰ জৰিয়তে৷ সৰু পর্দাত তেওঁ প্রথম দেশজোৰা চর্চালৈ আহে একতা কাপুৰৰ জনপ্রিয় টিভি ছিৰিয়েল ‘পৱিত্র ৰিস্তা’ৰ জৰিয়তে৷ ইয়াৰ পিছত তেওঁ দর্শকক আপ্লুত কৰিছিল ‘জাৰা নাচকে দিখা’ আৰু ‘ঝলক দিখ্লা যা’ শীর্ষক দুখন ডান্স ৰিয়েলিটী শ্ব’ৰ জৰিয়তে৷
২০১১ চনৰ অক্টোবৰত তেওঁ টিভি উদ্যোগৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয় নিজকে বলীউডত প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে৷ তেওঁ অভিনয় কৰা প্রথমখন ছবি ‘কাই প’ ছে’ই ২০১৩ চনত মুক্তি লাভ কৰিছিল৷ বলীউডত তেওঁ বিপুল জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হয় মহেন্দ্র সিং ধোনীৰ চৰিত্র ৰূপায়ণ কৰি৷ এম এছ ধোনীঃ দ্য আনট’ল্ড ষ্ট’ৰী’ বক্স অফিচত হিট হোৱাৰ লগতে সুশান্তৰ হূদয়স্পর্শী অভিনয়ক ছবি সমালোচকসকলে ভূয়সী প্রশংসা কৰিছিল৷ তেওঁ মুখ্য চৰিত্রত অভিনয় কৰা আন কেইখনমান ছবি হ’ল– যশৰাজ ফিল্মছৰ ‘শুদ্ধ দেশী ৰোমাঞ্চ’ আৰু ‘ডিটেক্টিভ বোমকেশ বাক্সী’, ‘কেদাৰনাথ’ আৰু ‘চিছ’ৰে’৷ আনহাতে ক’ভিড–১৯ৰ বাবে মুক্তিৰ দিন পিছুৱাই দিয়া ‘দিল বেচাৰা’তো তেওঁ মুখ্য চৰিত্রত অভিনয় কৰিছে৷ আমিৰ খানৰ ছুপাৰহিট ছবি ‘পি কে’ত তেওঁ সহঃ অভিনেতা হিচাপে গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰিছিল৷
উল্লেখ্য যে পাটনাত জন্মগ্রহণ কৰা সুশান্ত মাতৃৰ সৈতে অত্যন্ত ঘনিষ্ঠ আছিল৷ ছ’চিয়েল মিডিয়াত প্রায়ে তেওঁৰ প’ষ্টসমূহত মাতৃৰ বিষয়ে উল্লেখ কৰিছিল৷ ২০০২ চনত মাতৃৰ মৃত্যুৰ পিছত সুশান্তই দিল্লীত থাকিবলৈ লয়৷ ছাত্র হিচাপেও অত্যন্ত মেধা আছিল সুশান্ত৷ পদার্থ বিজ্ঞানৰ নেচনেল অলিম্পিয়ান বিজয়ী সুশান্ত দিল্লী কলেজ অৱ ইঞ্জিনীয়াৰিঙত মেকানিকেল ইঞ্জিনীয়াৰিঙত নামভর্তি কৰিছিল যদিও সেই সময়তে কলা–সংস্কৃতিৰ সৈতে জড়িত হৈ পৰাত তিনি বছৰৰ ভিতৰতে শিক্ষা বাদ দিয়ে৷ ইতিমধ্যে তেওঁ নাটক–থিয়েটাৰত অভিনয়ৰ সৈতে জড়িত হৈ পৰাৰ লগতে কৰি’গ্রাফাৰ শ্বিয়ামক ডাৱাৰৰ পৰা ডান্সৰ শিক্ষা আৰু বেৰী জনৰ পৰা অভিনয়ৰ শিক্ষা লোৱা আৰম্ভ কৰিছিল৷