নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক দিলে নীতিশে

উত্তপ্ত বিহাৰ–মহাৰাষ্ট্রৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ  বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ ক্ষেত্রত অনুমোদন জনাইছে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে৷ উল্লেখনীয় যে অভিনেতাগৰাকীৰ মৃত্যুৰ বিষয়টোক কেন্দ্র কৰি এতিয়া বিহাৰ আৰু মহাৰাষ্ট্রৰ ৰাজনীতি উত্তপ্ত হৈছে৷ অভিনেতাগৰাকীৰ পিতৃ কেকে সিঙে এই সমস্ত ঘটনা সন্দর্ভত চি বি আইৰ তদন্ত বিচৰাৰ পাছতে মুখ্যমন্ত্রী নীতিশ কুমাৰে এইক্ষেত্রত অনুমোদন জনাইছে৷ উল্লেখনীয় যে সুশান্ত সিঙৰ মৃত্যুৰ ঘটনাক মুম্বাই আৰক্ষীয়ে আত্মহত্যা বুলি ঘোষণা কৰিলেও বিহাৰত এই সন্দর্ভত ৰুজু হৈছে এটা গোচৰ৷ ৰাজ্যখনৰ আৰক্ষী প্রধানক চি বি আইৰ তদন্তৰ বাবে গোচৰটো সন্দর্ভত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নীতিশ কুমাৰে নির্দেশ দিয়াৰ পাছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷

You might also like