নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰভ গাংগুলীক লৈ বায়’পিক নির্মাণৰ সপোন আছিল সুশান্তৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ দেশজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে অভিনেতাগৰাকীৰ ব্যৱসায়ৰ সহযোগী বৰুণ মাথুৰে এনফ’চমেণ্ট সঞ্চালকালয়ৰ (ইডি) বিষয়াৰ আগত উল্লেখ কৰিছে যে সুশান্তই ক্রিকেটাৰ সৌৰভ গাংগুলী সন্দর্ভত এখন বায়’পিক নির্মাণ কৰিব বিচাৰিছিল৷

উল্লেখনীয় যে সুশান্তৰ মৃত্যুৰ ঘটনা সন্দর্ভত চি বি আয়ে তদন্ত চলাই আছে৷ ইতিমধ্যে তদন্তত বিভিন্ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ সমান্তৰালকৈ ইডি আৰু নার্ক’টিক্ছ কণ্ড্র’ল ব্যুৰ’ৰ তৰফৰ পৰাও চলাই থকা হৈছে তদন্ত৷ অভিনেতাগৰাকীৰ ব্যৱসায়ৰ সহযোগী বৰুণ মাথুৰকো ইডিয়ে জেৰা কৰিছে৷ ইডিৰ জেৰাৰ সময়ত মাথুৰে উল্লেখ কৰিছে যে সুশান্তৰ ইনছাই ভেন্সার্ছ কোম্পানীৰ সৈতে তেওঁ জড়িত আছিল৷ নিজ কোম্পানীৰ বেনাৰত সুশান্ত সিং ৰাজপুতে নির্মাণ কৰিব বিচাৰিছিল ক্রিকেটাৰ সৌৰভ গাংগুলী সন্দর্ভত এখন বায়’পিক৷

সৌৰভ গাংগুলীক লৈ ছবি নির্মাণ কৰাৰ বাবে দীর্ঘদিনীয়া সপোন মনতে পুহি ৰাখিছিল সুশান্তই৷ অকল গাংগুলীয়েই নহয়, মহাত্মা গান্ধী, ৰবীন্দ্র নাথ ঠাকুৰ, স্বামী বিবেকানন্দ, মাদাৰ টেৰেছাৰ জীৱনক লৈও ছবি নির্মাণৰ পৰিকল্পনা আছিল সুশান্তৰ৷

You might also like