নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪১ বিদেশীৰ বিৰুদ্ধে ১২ অভিযোগনামা দিল্লী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ২০ জুনঃ নতুন দিল্লীৰ নিজামুদ্দিন মার্কাজৰ তবলিগী জামাত গোচৰত ৪১জন বিদেশী নাগৰিকৰ বিৰুদ্ধে ১২ অভিযোগনামা দাখিল কৰিছে দিল্লী আৰক্ষীয়ে৷ ইয়াৰ পূর্বে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ৯০০তকৈ অধিক তবলিগী জামাতৰ বিদেশী নাগৰিকৰ বিৰুদ্ধে ৪৭খন অভিযোগনামা দাখিল কৰিছিল৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে দাখিল কৰা এই অভিযোগনামাৰ ভিত্তিত আদালতে অভিযুক্তৰ বিৰুদ্ধে জাননী জাৰি কৰিছে৷ আদালতে এই গোচৰৰ শুনানি অহা ২৫ জুন আৰু জুলাইৰ শেষৰ ফালে গ্রহণ কৰিব৷ তাৎপর্যপূর্ণ যে এই অভিযুক্ত তবলিগী জামাতৰ সদস্যসকল ৩৬খন বিদেশ ৰাষ্ট্রৰ পৰা আহিছিল৷ বিদেশী নাগৰিককেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযোগনামা দাখিল কৰিলেও এতিয়ালৈকে কোনো এজনকে গ্রেপ্তাৰ কৰা হোৱা নাই বুলি দিল্লী আৰক্ষীয়ে প্রকাশ কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, তবলিগী জামাতৰ সদস্যসকলে কেন্দ্রীয় আৰু দিল্লী চৰকাৰে ক’ভিড–১৯ৰ বাবে বলৱৎ কৰা লকডাউনৰ নীতি–নির্দেশনা উলংঘা কৰিছিল৷ সেয়েহে এই বিদেশী লোককেইজনৰ বিৰুদ্ধে মহামাৰী দুর্যোগ আইন, দুর্যোগ ব্যৱস্থাপনা আইন আৰু ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷

You might also like