আফগানিস্তানত তালিবানী শাসনৰ পুনৰাবৃত্তি
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ আফগানিস্তানত তালিবানী শাসনৰ পুনৰাবৃত্তি৷ নির্বাচিত আফগান চৰকাৰক সহজতে পৰাভূত কৰি চুন্নী ইছলামিক সন্ত্রাসবাদী সংগঠন তালিবানে কালি ৰাজধানী কাবুল দখল কৰে৷ ইয়াৰ লগে লগে দেশখনত ২০ বছৰৰ মূৰত তালিবানী শাসনৰ পুনৰাবৃত্তি ঘটিল৷ বিগত এমাহৰ পৰা দেশখনৰ ইখনৰ পাছত সিখন প্রদেশ দখল কৰাৰ অন্তত কালি নিশা ৰাজধানী কাবুল দখল কৰে তালিবানে৷ সন্ত্রাসবাদী সংগঠন তালিবানে কাবুল দখল কৰাৰ লগে লগেই আফগান ৰাষ্ট্রপতি আশ্রাফ ঘানিয়ে দেশ এৰি পলায়ন কৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবাহিনীৰ উপস্থিতিত বিগত ২০ বছৰ ধৰি দেশখনত নির্বাচিত প্রতিনিধিৰ চৰকাৰ বাহাল থকাৰ মাজতে আমেৰিকাই নিজৰ সেনা প্রত্যাহাৰ কৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে উজ্জীৱিত তালিবানে নিজৰ শক্তি প্রদর্শনেৰে ইখন প্রদেশৰ পৰা সিখন প্রদেশ দখল কৰে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পেণ্টাগনে তিনি মাহৰ ভিতৰত ৰাজধানী কাবুল তালিবানে দখল কৰিব বুলি শংকা প্রকাশ কৰাৰ বিপৰীতে শক্তিশালী তালিবানে ৯ দিনৰ ভিতৰতে কাবুল দখল কৰিবলৈ সক্ষম হয়৷
সমগ্র দেশখনত আফগান চৰকাৰী বাহিনীক পৰাভূত কৰি তালিবানে শাসন নিজৰ হাতলৈ অনাৰ সময়তে দেশখন এৰিবলৈ একাংশ লোক উদগ্রীৱ হৈ পৰে৷ তালিবানী শাসনৰ পৰা নিজক বচোৱাৰ লক্ষ্যৰেই দেশ এৰিবলৈ কালিৰে পৰা কাবুলৰ বিমানবন্দৰত জনতাৰ হেতা–ওপৰা লাগে৷ বিমানত উঠিবলৈ জনতাৰ হেতা–ওপৰাৰ দৃশ্যই সমগ্র বিশ্বকে হতবাক কৰি তুলিছে৷ কাবুলৰ হামিদ কার্জাই আন্তর্জাতিক বিমানবন্দৰত অগণন জনতাৰ ভিৰত পৰিস্থিতি অনিয়ন্ত্রিত হৈ পৰে৷ এই সময়তে বিমানবন্দৰ নিয়ন্ত্রণত ৰখা আমেৰিকাৰ সেনাই কৰা গুলীচালনাত দুই সশস্ত্র আফগানসহ অতি কমেও সাতজন লোকৰ মৃত্যু ঘটাৰ লগতে অনেকজনক আহত হৈছে৷
ইপিনে,দেওবাৰে আফগান ৰাষ্ট্রপতি আশ্রাফ ঘানি তেওঁৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে ৰাজধানী এৰি তাজিকিস্তানলৈ পলায়ন কৰে যদিও তাজিকিস্তানে ৰাষ্ট্রপতিগৰাকীক আশ্রয় দিবলৈ সন্মত নোহোৱাত পিছলৈ ৰাষ্ট্রপতিগৰাকীয়ে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাজনৰ সৈতে ওমানলৈ যায়৷ ৰাছিয়াৰ কূটনীতি মিছনৰ মুখপাত্র নিকিতা ইচেনকোৱে প্রকাশ কৰা মতে দেশখনৰ শাসনৰ পৰা তালিবানে উৎখাত কৰাৰ পাছতেই ৰাষ্ট্রপতিগৰাকীয়ে চাৰিখন কাৰত টকা ভৰাই লৈ তাজিকিস্তানলৈ যায় যদিও তাৰ পৰা পুনৰ ওমানলৈ যায়৷ সম্প্রতি ওমানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রলৈ যোৱাৰ প্রস্তুতি চলাই আছে ঘানিয়ে৷
কাবুল বিমানবন্দৰৰ পৰা সকলো বাণিজ্যিক উৰণ ইতিমধ্যে বাতিল কৰাৰ লগে লগে বিশ্বৰ আন দেশৰ নাগৰিকসকলৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ আফগানিস্তানৰ কাবুলত থকা ভাৰতীয় দূতাবাসৰ কর্মচাৰী আৰু আন ভাৰতীয় নাগৰিকসহ ২০০তকৈ অধিক লোক দেশখনত আবদ্ধ হৈ আছে৷ কাবুলস্থিত ভাৰতীয় দূতাবাসৰ কার্যালয়ৰ টুইটাৰ হেক হোৱাৰ পাছত তথ্য বিনিময়ৰ ক্ষেত্রত প্রচণ্ড অসুবিধাৰ সৃষ্টি হৈছে৷ ইছলামিক সন্ত্রাসবাদী সংগঠন তালিবানে দেশখন নিজৰ অধীনলৈ অনাৰ লগে লগেই আফগান নাগৰিকৰ নিৰাপত্তা আৰু সুৰক্ষাক লৈ বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে তালিবান আৰু সংগঠনটোৰ সহযোগী দলসমূহক দেশখনৰ নাগৰিকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি অধিক সংযমী হ’বলৈ আহ্বান জনাইছে৷ মানৱীয়তাৰ প্রতি লক্ষ্য ৰাখি দেশৰ নাগৰিকৰ সুৰক্ষা যাতে তালিবানে বিঘ্ণিত নকৰে, তাৰ বাবেও ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়্ আহ্বান জনাইছে৷
এক বিবৃতিত ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়্ দেশখনৰ মহিলা আৰু কন্যাৰ সুৰক্ষাক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে৷ মহিলা আৰু কন্যাৰ নিৰাপত্তা আৰু সুৰক্ষা যাতে বিঘ্ণিত নহয়, তাৰ বাবেও সংযমী হ’বলৈ তালিবানক আহ্বান জনাইছে৷ তালিবানক পুনৰ শাসনলৈ অহাত পূর্ণ সমর্থন আগবঢ়োৱা পাকিস্তানে কাবুলৰ সৈতে আন্তর্জাতিক সম্প্রদায়ক সম্পর্ক বর্তাই ৰাখিবলৈ আহ্বান জনাইছে৷ পাকিস্তানৰ বৈদেশিক মন্ত্রী শ্বাহ মেহমুদ কুৰেশ্বিয়ে কয় যে যুদ্ধবিধ্বস্ত চুবুৰীয়া ৰাষ্ট্রখনত ৰাজনৈতিক সুস্থিৰতা বর্তাই ৰখাৰ ক্ষেত্রত ইছলামাবাদে অহৰহ সহযোগিতা চলাই যাব৷ এইক্ষেত্রত বিশ্ব সমুদায়সমূহেও কাবুলক অর্থাৎ তালিবানৰ শাসনক সমর্থন জনোৱা উচিত৷ আফগানিস্তানৰ আকাশ মার্গ আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবাহিনীয়ে নিজৰ নিয়ন্ত্রণলৈ আনিলেও কাবুল বিমানবন্দৰৰ পৰিস্থিতি নিয়ন্ত্রণত প্রায় ব্যর্থ হৈছে৷ এই লৈ কাবুল বিমানবন্দৰত পুনৰ ৬ হাজাৰ আমেৰিকান সেনা মোতায়েন কৰাৰ প্রস্তুতি চলাইছে ৱাশ্বিংটনে৷ বিশ্ব সম্প্রদায়ৰ মাত্র কেইখনমান দেশে পূর্বৰ তালিবান শাসনক সমর্থন জনাইছিল যদিও ৰাষ্ট্রসংঘই এইক্ষেত্রত সমর্থন জনোৱা নাছিল৷ ২০ বছৰৰ মূৰকত পুনৰ আফগানিস্তানৰ শাসন তালিবানে নিজৰ হাতলৈ অনাৰ পাছত আকৌ তালিবানৰ স্বীকৃতিক লৈ প্রশ্ণ উত্থাপন হৈছে৷ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানে তালিবান শাসনক সমর্থন জনোৱাৰ সময়তে চীনেও তালিবানৰ সৈতে বন্ধুত্বমূলক সম্পর্ক স্থাপন কৰাৰ বাবে সাজু বুলি ঘোষণা কৰিছে৷ কার্যতঃ আফগানিস্তানত তালিবানৰ শাসনক লৈ ২০ বছৰ পূর্বৰ লেখীয়া বিশ্ব সমুদায়ৰ মাজত বিভেদ হোৱাটো প্রায় নিশ্চিত৷
কাবুল দখল কৰাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রৰ কার্যালয়ৰ পৰা আমেৰিকাৰ পতাকা নমোৱাৰ লগতে কর্মচাৰীসকলক স্বদেশলৈ ওভতাই নিবৰ বাবে আমেৰিকাই পূর্ণ প্রস্তুতি চলাইছে৷ ইতিমধ্যে তালিবানে আমেৰিকা যুক্তৰাষ্ট্রৰ দূতাবাসৰ কার্যালয়ত প্রৱেশ কৰা বুলি সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ পূর্বৰ তালিবানী শাসনৰ নৃশংসতাক লৈ শংকিত দেশবাসীক এইবেলি তালিবানে শংকিত নহ’বলৈ আহ্বান জনাইছে৷ তালিবানৰ মুখপাত্রই প্রকাশ কৰা মতে আফগান চৰকাৰ তথা বিদেশী শক্তিৰ সৈতে কাম কৰা দেশৰ নাগৰিকসকলক তালিবানে ক্ষমা কৰি দিব আৰু দেশৰ কোনো জনতাৰ ঘৰত প্রৱেশ কৰি অত্যাচাৰ নচলায়৷ ঠিক তেনেদৰে কোনো দেশৰ নাগৰিকৰ ব্যৱসায়তো হস্তক্ষেপ নকৰে বুলি তালিবানে প্রচাৰ চলাইছে যদিও ইতিমধ্যে দেশখনত প্রতিশোধমূলক হত্যা আৰম্ভ হৈছে৷ বিগত কেইবাদিন ধৰি নিজৰ দখললৈ অনা অঞ্চলসমূহত তালিবানীয়ে নৃশংস অত্যাচাৰ চলোৱাৰ তথ্য পোহৰলৈ আহিছে৷
লক্ষণীয় যে ২০ বছৰীয়া নির্বাচিত চৰকাৰক উৎখাত কৰি আফগানিস্তানত পুনৰ তালিবানক শাসনলৈ অনাৰ আঁৰত নিষিদ্ধ সংগঠনটোৰ সহঃ প্রতিষ্ঠাতা আব্দুল ঘানি বাৰাদৰৰ নাম সবাতোকৈ চর্চিত হৈছে৷ প্রায় তিনি বছৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রৰ অনুৰোধত পাকিস্তানৰ জে’লৰ পৰা মুক্তি পোৱা তালিবান নেতা আব্দুল ঘানি বাৰাদৰ দেশখনৰ মুৰব্বী হিচাপে অধিষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰে৷ আব্দুল ঘানি বাৰাদৰ হৈছে সর্বসন্মত আৰু জনপ্রিয় তালিবানী নেতা৷ কাবুল দখলৰ পাছতে টেলিভিছনযোগে বাৰাদৰে বিবৃতি প্রচাৰ কৰিছে৷ বাৰাদৰ হৈছে সংগঠনটোৰ ৰাজনৈতিক মুৰব্বী আৰু দেশখনত জনপ্রিয় নেতা৷ অৱশ্যে তালিবানৰ মুৰব্বী হৈছে হাইবাতুল্লাহ আখুণ্ডজাদা৷ উল্লেখ্য যে ২০ বছৰৰ মূৰকত আফগানিস্তানৰ শাসনত পুনৰ অধিষ্ঠিত হোৱা ৰাষ্ট্রসংঘৰ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে দেশখন শাসন কৰিছিল৷