নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ দখলত নিমৰ’জৰ ৰাজধানী জাৰাঞ্জ

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ আফগানিস্তানত পুনৰ সবল সাংগঠনিক ভেটি গঢ়ি তোলা তালিবানে প্রথমবাৰলৈ গুৰুত্বপূর্ণ চহৰ এখন নিজৰ নিয়ন্ত্রণলৈ নিবলৈ সক্ষম হৈছে৷ সংবাদ সংস্থা বিবিচিৰ প্রতিবেদন অনুসৰি আজি সন্ধিয়া তালিবানে নিমৰ’জ প্রদেশৰ ৰাজধানী চহৰ জাৰাঞ্জ দখল কৰিছে৷ দেশৰ সেনা তথা আৰক্ষীৰ বাবে এয়া এক মোক্ষম আঘাত হিচাপে চিহ্ণিত হৈছে৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি দেশখনৰ পৰা বিদেশী বাহিনীৰ প্রত্যাৱর্তন প্রক্রিয়া আৰম্ভ হোৱাৰ পাছৰে পৰা তালিবানে আক্রমণ তীব্রতৰ কৰিছে৷

এই সময়ছোৱাত সন্ত্রাসবাদী সংগঠনটোৱে দখল কৰিবলৈ সক্ষম হৈছে বহু গুৰুত্বপূর্ণ অঞ্চল৷ লক্ষণীয়ভাৱে নিমৰ’জ প্রদেশৰ ৰাজধানী চহৰখন তালিবানে দখল কৰাৰ পাছতে অন্য দুখন চহৰ হেৰাট আৰু লস্কৰ গহ দখলৰ প্রচেষ্টা চলাইছে সংগঠনটোৱে৷ ইৰান সীমান্তৱর্তী জাৰাঞ্জ হৈছে এক গুৰুত্বপূর্ণ বাণিজ্যিক ঘাটি৷ ইয়াৰ সমীপৱর্তী কেইবাখনো জিলাত তালিবানে নিয়ন্ত্রণ সাব্যস্ত কৰাৰ উপৰি চৰকাৰী বাহিনীক খেদি পঠিয়াবলৈ সক্ষম হৈছে৷ নিমৰ’জ আৰক্ষীৰ এগৰাকী মুখপত্রই সংবাদ সংস্থা ৰয়টাৰক জনোৱা অনুসৰি জাৰাঞ্জ চহৰ ৰক্ষা কৰাৰ বাবে আফগান চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে৷

You might also like