বোর্খা পৰিধান নকৰা বাবে যুৱতীক হত্যা তালিবানৰ
নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ আফগানিস্তানত তালিবানৰ আগ্রাসন যিমানে বৃদ্ধি পাইছে সিমানেই কট্টৰ ইছলামিষ্ট সংগঠনটোৰ নৃশংসতাৰ বলি হ’বলগীয়া হৈছে সাধাৰণ লোক৷ শেহতীয়াকৈ তালিবানে দখল কৰা অঞ্চলসমূহত কঠোৰ শ্বৰীয়ত আইন বলৱৎ কৰা হৈছে৷ ১৯৯৬ৰ পৰা ২০০১ চনলৈ তালিবানে কঠোৰ মধ্যযুগীয় বর্বৰতাৰ নজিৰ সৃষ্টি কৰিছে৷ সাধাৰণ জনতাৰ বিৰুদ্ধে আৰোপ কৰা হৈছিল পাশৱিক আইন৷ শেহতীয়াকৈ এগৰাকী ২১ বছৰীয়া যুৱতীক বোর্খা পৰিধান নকৰাৰ বাবেই তালিবানে গুলীয়াই হত্যা কৰিছে৷
চৰকাৰী সূত্রই এই তথ্য সদৰী কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে শিহৰণ৷ ২১ বছৰীয়া নাজনীনক গাড়ীৰ পৰাই নমাই তালিবানে নৃশংসভাৱে গুলীয়াই হত্যা কৰা বুলি আফগানিস্তান টাইমছে এক প্রতিবেদনত প্রকাশ কৰিছে৷ অৱশ্যে তালিবানৰ মুখপাত্র জাবিহুল্লা মুজাহিদে এই কথা অস্বীকাৰ কৰিছে৷ কিন্তু আফগানিস্তান টাইমছৰ বাতৰিৰ পাছতে বিশ্বজুৰি তালিবানৰ বিৰুদ্ধে সৃষ্টি হৈছে ভর্ৎসনা৷