শান্ত–সুস্থিৰ আফগানিস্তান বিচাৰে তালিবানে
ভাৰতসহ ৮ দেশৰ এনএছএৰ বৈঠকৰ ঘোষণাপত্রক লৈ আশাবাদী
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰতসহ ৮ দেশৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা বৈঠকক লৈ আশাবাদী আফগানিস্তানৰ নতুন শাসক তালিবান৷ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা, চমুকৈ এনএছএৰ বৈঠকখনে আফগানিস্তানলৈ শান্তি আৰু সুস্থিৰতা আনিব বুলি আশা ব্যক্ত কৰিছে তালিবানৰ মুখপাত্র ছুহেইল শ্বাহিনে৷ কার্যত শান্ত আৰু সুস্থিৰ আফগানিস্তান বিচাৰে তালিবানে৷ আফগানিস্তানৰ পৰিস্থিতিক লৈ নতুন দিল্লীত অনুষ্ঠিত এনএছএৰ বৈঠকত ইতিবাছক দৃষ্টিভংগী গ্রহণ কৰা বুলি উল্লেখ কৰি মুখপাত্র শ্বাহিনে এনএছএৰ যুটীয়া ঘোষণাপত্রই আফগানিস্তানলৈ শান্তি আৰু সুস্থিৰতা ওভতাই আনিব বুলি কয়৷ দেশখনত শান্তি আৰু সুস্থিৰতা ওভতাই অনাৰ ক্ষেত্রত গ্রহণ কৰা যিকোনো পদক্ষেপকে তালিবানে সমর্থন জনাব বুলি কয় মুখপাত্র শ্বাহিনে৷
সংস্থাপনৰ সুযোগ প্রদান কৰাৰ লগতে দৰিদ্রতা নির্মূলতো সহায় আগবঢ়ালে দেশখনত শান্তিৰ বাতাৱৰণ সৃষ্টি হ’ব বুলিও কয় শ্বাহিনে৷ এই বৈঠকত পাকিস্তান অনুপস্থিত থকাৰ প্রসংগত তালিবানৰ মুখপাত্র শ্বাহিনে কয় যে এইক্ষেত্রত দেশখনে সিদ্ধান্ত গ্রহণ কৰিব৷ অৱশ্যে তেওঁলোকক ইয়াৰ বাবে আহ্বান জনাব পাৰে৷ সম্প্রতি আফগানিস্তান চৰকাৰ দেশবাসীক লৈ উদ্বিগ্ণ৷ চৰকাৰখনে বিচাৰে শান্তি, সুস্থিৰতা আৰু অর্থনৈতিক কার্যকলাপ পুনৰ আৰম্ভ হোৱাটো৷ এনএছএৰ বৈঠকৰ ঘোষণপত্রত আফগানিস্তানৰ ভূমিক সন্ত্রাসবাদীক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰা বক্তব্য সন্দর্ভত মুখপাত্র শ্বাহিনে কয়– আমি প্রতিশ্রুতিবদ্ধ৷ ডোহা চুক্তি অনুসৰি আমি কোনো ব্যক্তি, সংগঠনক আন দেশৰ বিৰুদ্ধে আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিওঁ৷ আমেৰিকাই এইবাবেই তেওঁলোকৰ সেনাবাহিনী প্রত্যাহাৰ কৰাত সন্মতি জনাইছিল৷ এয়া আমাৰ চুক্তিৰ অংশ৷ মন কৰিবলগীয়া যে কালি ভাৰত, ৰাছিয়া, ইৰান, তুর্কীস্তান, কাজাখাস্তান, টুকেমেনিস্তান, উজবেকিস্তান, তাজিকিস্তানৰ এনএছএ আফগানিস্তানক লৈ বৈঠকত মিলিত হৈছিল৷