নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ তামিলনাডুৰ কাৰাইকাল আৰু মামাল্লাপুৰমৰ লগতে পুডুচেৰীত সাগৰীয় ঘূর্ণী নিবাৰে প্রৱেশ কৰি সংহাৰ চলোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে নিৰাপত্তা বাহিনী৷ ভাৰতীয় উপকূলৰক্ষী আৰু নৌ বাহিনীৰ কেইবাটাও গোটক উল্লিখিত অঞ্চলসমূহত সষ্টম কৰি ৰখা হৈছে৷ উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্র কৰি তোলাৰ বাবে দুখন হেলিকপ্ঢাৰ সাজু কৰি ৰখা হৈছে৷ তিনিখন ড’র্নিয়াৰ বিমান বিশাখাপট্টনমত সষ্টম কৰি ৰখা হৈছে৷
ঘূর্ণী নিবাৰে কোবাই যোৱাৰ পিছত অঞ্চলসমূহ নিৰীক্ষণ কৰাৰ লগতে ক্ষয়–ক্ষতিৰ পৰিমাণৰ বুজ ল’বলৈ এই বিমানকেইখন ব্যৱহাৰ কৰিব৷ উপকূলৰক্ষীয়ে প্রকাশ কৰা মতে ১৫টা দুর্যোগ প্রশমন বাহিনীৰ গোটে ইতিমধ্যে ৰাজ্য আৰু জিলা প্রশাসনক সহায়ৰ বাবে উল্লিখিত অঞ্চলত বাহৰ পাতিছে৷
উল্লেখ্য যে তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্রীৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বার্তালাপ কৰি কেন্দ্রৰ পৰা সকলো সহায়ৰ প্রতিশ্রুতি দিছে৷