নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনে প্রস্তুত কৰা ভেকচিন ক্রয় কৰিব তামিলনাডুৱে

নিয়মীয়া বাৰ্তা ১৭ মেঃ তামিলনাডু চৰকাৰে ৩.৫ কোটি ড’জ ক’ভিড–১৯ ভেকচিনৰ গোলকীয় নিবিদাৰ বাবে চীনক অনুমতি প্রদান কৰিছে৷ অর্থাৎ তামিলনাডু চৰকাৰে ক্রয় কৰিব বিচৰা ভেকচিনৰ নিবিদা চীনেও অনুমতি লাভ কৰিব৷

চীনৰ ভেকচিন প্রস্তুতকর্তা কোম্পানীক এইক্ষেত্রত বাধা প্রদান নকৰা বিষয়টোক লৈ তামিলনাডু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন মহলে সমালোচনা আগবঢ়াইছে৷ কিন্তু চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰিছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত আৰু ড্রাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ দ্বাৰা অনুজ্ঞাপত্র লাভ কৰা সকলো কোম্পানীকে নিবিদা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে৷

You might also like