পিতৃৰ শেষকৃত্য পিছুৱাই স্বাধীনতা দিৱসৰ কুচকাৱাজত মহিলা আৰক্ষী বিষয়া
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ তামিলনাডুত পিতৃৰ মৃত্যুৰ পাছতো স্বাধীনতা দিৱসৰ কুচকাৱাজত নেতৃত্ব দি এগৰাকী মহিলা আৰক্ষী বিষয়াই বিভিন্ন মহলৰ প্রশংসা আদায় কৰিবলৈ সক্ষম হৈছে৷ তিৰুনেলভেলীৰ এই ঘটনাক লৈ ইতিমধ্যে সংবাদ মাধ্যমতো ব্যাপক চর্চা চলিছে৷ ১৪ আগষ্টৰ নিশা সশস্ত্র সংৰক্ষিত আৰক্ষী পৰিদর্শক এন মহেশ্বৰীৰ পিতৃৰ বিয়োগ ঘটিছিল৷ কিন্তু ইয়াৰ পিছদিনাখন পিতৃৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ বিপৰীতে তিৰুনেলভেলীত স্বাধীনতা দিৱসৰ কুচকাৱাজত আৰক্ষীক নেতৃত্ব দিয়ে মহেশ্বৰীয়ে৷ আৰক্ষীৰ এই কুচকাৱাজৰ সময়ত অভিবাদন গ্রহণ কৰে জিলা উপায়ুক্ত শিল্পা প্রভাকৰ সতীশ আৰু আৰক্ষী অধীক্ষক এন মণিবান্নানে৷ আৰক্ষীৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি শনিবাৰে পুৱা স্বাধীনতা দিৱসৰ কুচকাৱাজ সম্পন্ন হোৱাৰ পাছতহে মহেশ্বৰীয়ে পিতৃৰ অন্ত্যেষ্টিক্রিয়াত অংশগ্রহণ কৰে৷