নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত জব্দ ২২৫.৫ কোটি টকা, ১৭৬.১১ কোটিৰ অলংকাৰ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ তামিলনাডু বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যখনত এতিয়ালৈকে ৪২৮.৪৬ কোটি টকা মূল্যৰ নগদ ধন তথা বিভিন্ন সামগ্রী আৰক্ষীয়ে জব্দ কৰিছে৷ নির্বাচন আয়োগৰ আদর্শ আচৰণবিধি উলংঘা কৰি এই ধন তথা সামগ্রীবোৰ বিভিন্ন মহলে ভোটাৰৰ মাজত বিলাবলৈ চেষ্টা চলাইছিল৷ আয়োগৰ সূত্রই আজি সদৰী কৰা অনুসৰি ৰাজ্যখনত ভোটগ্রহণৰ এদিন পূর্বলৈকে নগদ ২২৫.৫ কোটি টকা জব্দ কৰা হৈছে৷ ইয়াৰ উপৰি ১৭৬.১১ কোটি টকা মূল্যৰ সোণ, ৰূপ, হীৰা আৰু অন্যান্য অলংকাৰ জব্দ কৰা হৈছে৷ উল্লেখনীয় যে ৪.৬১ কোটি টকা মূল্যৰ সুৰাও জব্দ কৰিছে আৰক্ষীয়ে৷ জব্দ হৈছে মুঠ ২,৭৫,২৯৩.৩১ লিটাৰ সুৰা৷ ইফালে ২০.০১ কোটি টকা মূল্যৰ অন্যান্য সামগ্রী জব্দ কৰিছে আৰক্ষীয়ে৷ নির্বাচন আয়োগৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি অন্তিম ৭২ ঘণ্টাত ৰাজ্যখনত বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাণীপেড জিলাত ৯১.৫৬ লাখ টকা জব্দ হোৱাৰ উপৰি অন্যান্য স্থানৰ পৰা জব্দ কৰা হৈছে মুঠ ৭.৪২ কোটি টকা৷

You might also like