২০১৩ চনৰ ধর্ষণ গোচৰৰ পৰা মুক্ত টেহলকাৰ প্রাক্তন মুখ্য সম্পাদক তৰুণ তেজপাল
নিয়মীয়া বাৰ্তা ২২ মেঃ ২০১৩ চনত গোৱাত এগৰাকী মহিলা সহকর্মীক যৌন নির্যাতনৰ অভিযোগত কাৰাবাস খটা টেহলকাৰ প্রাক্তন মুখ্য সম্পাদক তৰুণ তেজপালক ধর্ষণসহ সকলো গোচৰৰ পৰা মুক্ত কৰিলে আদালতে৷ আজি উত্তৰ গোৱাৰ মাপুছাৰ জিলা আৰু সত্র আদালতে ২০১৩ ধর্ষণ গোচৰৰ পৰা জ্যেষ্ঠ সাংবাদিক তৰুণ তেজপালক দোষমুক্ত ঘোষণা কৰে৷ ৮ বছৰ ধৰি চলি থকা এই বহুচর্চিত গোচৰটোৰ পৰা আদালতে দোষমুক্ত ঘোষণা কৰাৰ পৰা টেহলকাৰ প্রাক্তন মুখ্য সম্পাদক তেজপাল সপৰিয়ালে উপস্থিত থাকে৷
জামিনত মুকলি আকাশৰ তলত থকা তৰুণ তেজপালৰ আদালতৰ ৰায়ৰ পিছতে কয় যে বিগত সময়ছোৱাত তেওঁৰ লগতে পৰিয়ালৰ লোকসকলে এক অসহনীয় পৰিৱেশৰ মাজেৰে কটালে৷ আদালতে কঠোৰ শ্রম, নিৰপেক্ষ আৰু মুক্ত শুনানিৰ জৰিয়তে তেওঁক দোষমুক্ত ঘোষণা কৰিলে৷
উল্লেখ্য যে ২০১৩ চনৰ নৱেম্বৰত গোৱাৰ বিলাসী হোটেলত সহকর্মী এগৰাকীয়ে টেহলকাৰ মুখ্য সম্পাদক তৰুণ তেজপালৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ দাখিল কৰিছিল৷ আৰক্ষীয়ে গোচৰটোৰ তদন্ত কৰাৰ পূর্বে তেজপালে টেহলকাৰ মুখ্য সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল৷ উক্ত চনৰে ১৩ নৱেম্বৰত তেজপালক গ্রেপ্তাৰ কৰিছিল৷ পিছলৈ উচ্চতম ন্যায়ালয়ে তেজপালক জামিন দিছিল৷