নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ জম্মু–কাশ্মীৰত ৰাজৌৰিত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘর্ষত এজন সেনা বিষয়া শ্বহীদ হোৱাৰ লগতে এটা সন্ত্রাসবাদী নিহত হৈছে৷ বৃহস্পতিবাৰে পুৱাৰ ভাগতে এই সংঘর্ষৰ ঘটনাৰ সূত্রপাত ঘটে বুলি আৰক্ষীৰ সূত্রই সদৰী কৰিছে৷
প্রতিৰক্ষা মুখপাত্র লেফটেনেণ্ট কর্নেল দেৱেন্দৰ আনন্দে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰাজৌৰিৰ থানামান্দি অঞ্চলত সংঘটিত সংঘর্ষত জুনিয়ৰ কমিছণ্ড অফিচাৰ (জেচিঅ’) এগৰাকী শ্বহীদ হৈছে৷ এই সংঘর্ষৰ ঘটনাত এটা সন্ত্রাসবাদীও নিহত হোৱা বুলি প্রতিৰক্ষা মুখপাত্র–গৰাকীয়ে প্রকাশ কৰিছে৷ তাৎক্ষণিকভাৱে শ্বহীদ সেনা বিষয়াগৰাকীৰ নাম প্রকাশ কৰা নাই আৰক্ষী বা প্রতিৰক্ষা সূত্রই৷