নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাইলেণ্ডত মুকলিকৈ ভাং সেৱনৰ স্বাধীনতা, কানিক বৈধতা প্ৰদান কৰা এছিয়াৰ প্ৰথমখন দেশ

বিশেষ বাৰ্তা, ১০ জুনঃ ঘৰতে ভাং সেৱন আৰু খেতি কৰাত বৈধতা প্ৰদান কৰা এছিয়াৰ প্ৰথমখন দেশত পৰিণত হৈছে থাইলেণ্ড। থাইলেণ্ডৰ জনসাধাৰণে এতিয়া কেৱল সেৱন কৰাই নহয়, শাক হিচাপেও খেতি কৰিব পাৰিব ভাঙৰ। থাইলেণ্ড চৰকাৰে নিষিদ্ধ ড্ৰাগছৰ তালিকাৰ পৰা কানিক আঁতৰাইছে। থাইলেণ্ডৰ স্বাস্থ্যমন্ত্ৰী অনুটিন চাৰ্নভিৰাকুলে এই কথা ঘোষণা কৰি কয় যে চৰকাৰে সমগ্ৰ দেশলৈ ১০ লাখ ভাঙৰ বীজ পঠিওৱাৰ পৰিকল্পনা কৰিছে। এতিয়া নতুন নিয়মৰ অধীনত থাইলেণ্ডৰ লোকসকলক চিকিৎসাৰ ভিত্তিত ভাং উৎপাদন, সেৱন আৰু বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে। একাংশ লোকে ভাং সেৱনত বৈধতা প্ৰদান কৰাৰ পাছত আনন্দ উদযাপন কৰিছে। মানুহে এতিয়া কেফেলৈ গৈ মাৰিজুৱানা কিনিবলৈ লৈছে।

You might also like