নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ নির্বাচিত গর্ভপাতৰ ফলশ্রুতিত ভাৰতত ২০৩০ চনলৈকে ৬.৮ নিযুত কন্যা শিশু কমকৈ জন্ম পাব৷ ছৌদি আৰবৰ কিং আব্দুল্লা ইউনিভার্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী (কেএইউএছটি) আৰু ফ্রান্সৰ পেৰিছ বিশ্ববিদ্যালয়ে যুটীয়াভাৱে চলোৱা অধ্যয়নৰ প্রতিবেদনত ভাৰতত ল’ৰা শিশুতকৈ কন্যা শিশুৰ জন্মৰ হাৰ হ্রাস পাব বুলি প্রকাশ পাইছে৷ অর্থাৎ ২০৩০ চনলৈকে দেশখনত ৬.৮ নিযুত কন্যা শিশু কমকৈ জন্মিব৷
অধ্যয়ন মতে, এই কন্যা শিশু জন্মৰ হাৰ উত্তৰ প্রদেশত অধিক নিম্নগামী হ’ব৷ ১৯৭০ চনৰ পিছত নির্বাচিত লিংগ গর্ভপাতৰ ফলশ্রুতিতেই জন্মৰ হাৰ সর্বাধিক নিম্নগামী হ’ব৷ উত্তৰ প্রদেশত ২০১৭ চনৰ পৰা ২০৩০ চনলৈকে কন্যা শিশুৰ জন্ম ২ নিযুত হ্রাস পাব৷ দেশৰ ২৯টা ৰাজ্যিক পর্যায়ৰ অধ্যয়নৰ আধাৰত চলোৱা গৱেষণাৰ প্রতিবেদন মতে, ২০১৭ চনৰ পৰা ২০৩০ চনলৈকে দেশত ৬.৮ নিযুত কন্যা শিশু সন্ধানহীন হ’ব অর্থাৎ নির্বাচিত গর্ভপাতৰ ফলশ্রুতিত এই কন্যা শিশু জন্মৰ পৰা বঞ্চিত হ’ব৷
প্রতিবেদনত প্রকাশ পোৱা মতে, ২০১৭ চনৰ পৰা ২০২৫ চনলৈকে প্রতিবছৰে ৪,৬৯,০০০ কন্যা শিশুৰ জন্ম হ্রাস পাব৷ তেনেদৰে ২০২৬ৰ পৰা ২০৩০ চনলৈকে প্রতিবছৰে এই হ্রাসৰ হাৰ বৃদ্ধি হ’ব আৰু প্রতিবছৰে ৫,১৯,০০০ কন্যা শিশু কমকৈ জন্মিব৷ বিশ্ববিদ্যালয় দুখনে ভাৰতৰ জনসংখ্যা সম্ভাৱনাৰ আর্হিৰ আধাৰত এই সম্ভাৱনা গৱেষণাত লাভ কৰিছে৷
তাৎপর্যপূর্ণ যে ১৯৯৪ চনত চৰকাৰে লিংগ সম্পর্কীয় গর্ভপাত আৰু গর্ভৰ সময়ত লিংগ নির্ণয় কৰাটো নিষিদ্ধ কৰি আইন বলৱৎ কৰিছে যদিও ই সঠিকভাৱে এতিয়াও বলৱৎ হোৱা নাই৷ যাৰ পৰিণতিত দেশৰ প্রান্তে প্রান্তে এতিয়াও নির্বাচিত গর্ভপাত চলি আছে, যিয়ে ল’ৰা আৰু কন্যা শিশুৰ জন্মৰ হাৰত পার্থক্য আনিব৷