দেশ বিদেশৰাষ্ট্ৰীয় ৪ দিনে শ্ৰমিক স্পেচিয়েল ট্ৰেইনতে পৰি ৰ’ল মোহনলালৰ মৃতদেহ, কোনেও শুংসূত্ৰই নাপালে By নিয়মীয়া বাৰ্তা On Jun 10, 2020 Share নিয়মীয়া বাৰ্তা, ১০জুনঃ উত্তৰ প্ৰদেশৰ বস্তি অঞ্চলত বাস কৰা মোহনলাল শৰ্মাই ২৩ মে’ তাৰিখে ঝাচীৰ পৰা গোৰখপুৰ আহিবলগীয়া শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠিছিল । কিন্তু এই বিশেষ ৰে’লখন ৪ দিন পাছত গোৰখপুৰৰ হৈ পুনৰ ঝাচীলৈ ঘূৰি আহিছিল যদিও ঘৰ গৈ পোৱা নাছিল মোহনলাল । পাছত ঝাচী ৰে’ল ষ্টেচনত এই বিশেষ শ্ৰমিক ৰে’লখন চাফা কৰাৰ সময়ত চাফাই কৰ্মীসকলে ৰে’লখনৰ শৌচালয়ত এটা মৃতদেহ প্ৰত্যক্ষ কৰে । এই মৃতদেহটোৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত মোহনলালৰ বুলি চিনাক্ত হয় । উদ্ধাৰ হোৱা মৃত মোহনলালৰ আধাৰকাৰ্ডখন মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোনোধৰণৰ বাহ্যিক আঘাতৰ বাবে এই মৃত্যু হোৱা নাই বুলি ঝাচীৰ ৰে’ল আৰক্ষীয়ে স্পষ্ট কৰে। বৰ্তমান এই ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰেল আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইপিনে এনেধৰণৰ শ্ৰমিক ৰে’লত মৃত্যুৰ ঘটনা পূৰ্বেও ঘটিছে যদিও এনেধৰণৰ মৃত্যুৰ কাৰণ ৰহস্যৰ আঁৰতে থাকে । যেনেদৰে মোহনলালৰো মৃত্যু ঘটিছে । Share