সদায়ে পৰিৱৰ্তন দেখিছে পাঞ্জাববাসীয়ে, এইবাৰ ৪২৪ ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ, ক’লৈ নিলে নিৰাপত্তাৰক্ষীক
বিশেষ বাৰ্তা, ২৮ মেঃ ৪২৪ গৰাকী ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিলে পাঞ্জাব চৰকাৰে। এইসকলৰ ভিতৰত দেৰামুখীৰ বহু অৱসৰপ্ৰাপ্ত বিষয়া আৰু প্ৰাক্তন বিধায়ককো অন্তৰ্ভুক্ত কৰা হৈছে। নিৰাপত্তা প্ৰত্যাহাৰ কৰা সকলৰ ভিতৰত আছে আকাল তখত জাথেদাৰ গিয়ানী হৰপ্ৰীত সিং, গায়ক সিদ্ধু মুছেৱালা, শিৰোমণি আকালি দলৰ জ্যেষ্ঠ নেতা চৰণ জীত সিং ধীলন। নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পূৰ্বে চৰকাৰে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰি এই ৪২৪ জন লোকক সুৰক্ষাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে আলোচনা কৰে। ইয়াৰ পিছতে চৰকাৰে নিৰাপত্তা কৰ্তনৰ নিৰ্দেশ জাৰি কৰিছে। নিৰাপত্তা প্ৰত্যাহাৰৰ এটা কাৰণত কোৱা হৈছে যে পঞ্জাৱ আৰক্ষীত ইতিমধ্যে কৰ্মচাৰীৰ নাটনি হৈছে আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ বহু স্থানত নিৰাপত্তাৰক্ষীৰ নাটনি পূৰণ কৰাত অসুবিধা হৈছে। নিৰ্দেশ অনুসৰি নিৰাপত্তাৰ পৰা অব্যাহতি পোৱা সকলে আজি নিজৰ বেটেলিয়নত হাজিৰ হ’ব লাগিব। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও এপ্ৰিলত চৰকাৰে ১৮৪ জন ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰে। ইয়াৰ ভিতৰত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন মন্ত্ৰীকে ধৰি বহু বিধায়ক।