নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–মার্কিন মৈত্রীত সুস্থিৰ হ’ব অর্থনীতি

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ মহামাৰী ক’ভিড–১৯ৰ পিছত বিশ্বৰ অর্থনীতিৰ বিকাশ দ্রুত কৰাৰ ক্ষেত্রত ভাৰত–মার্কিন মৈত্রীয়ে গুৰুত্বপূর্ণ ভূমিকা ল’ব৷– এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷

ইউ এছ–ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰ দ্বাৰা আয়োজিত ইণ্ডিয়া আইডিয়াজ ছামিত সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্র আৰু ভাৰতৰ অংশীদাৰিত্বই বিশ্বৰ অর্থনীতিৰ বিকাশ ঘটোৱাত সহায় কৰিব বুলি মন্তব্য কৰে৷ দুয়ো দেশৰ বাণিজ্য পৰিষদ স্থাপনৰ ৪৫সংখ্যক বার্ষিকী উপলক্ষে আয়োজিত এই ছামিতত ‘বিল্ডিং এ বেটাৰ ফিউচাৰ’ শীর্ষক আলোচনাত প্রধানমন্ত্রী মোদীয়ে দুয়োখন দেশৰ অতীতৰ পৰা বর্তমানলৈকে বন্ধুত্বই নতুন শিখৰলৈ ধাৱমান হোৱা বুলি মন্তব্য কৰে৷ ভাৰত আৰু আমেৰিকা দুখন গণতান্ত্রিক প্রমূল্যৰ দেশ হিচাপে স্বাভাৱিক বন্ধুত্ব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্রতকৈ ভাল বন্ধুত্বপূর্ণ দেশ বিশ্বত অতি কম আছে৷ ভিডি’ কনফাৰেঞ্চযোগে ছামিত সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বিশ্বৰ সু–ভৱিষ্যতৰ বাবে আমি সকলোৱে সন্মত৷ গতিকে সকলোৱে সন্মিলিতভাৱে এই ভৱিষ্যৎ গঢ় দিব লাগিব৷ এই ভৱিষ্যৎ হ’ব লাগিব মানৱকেন্দ্রিক৷

বিগত ৬ বছৰত ভাৰতে অর্থনীতি অধিক মুক্ত আৰু সংস্কাৰ কৰাৰ প্রসংগ উল্লেখেৰে প্রধানমন্ত্রী মোদীয়ে কয় যে আত্মনির্ভৰ ভাৰতৰে দেশখনে বিশ্বত ভাৰতৰ সমৃদ্ধি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি বিত্ত আৰু বীমাৰ ক্ষেত্রত বিনিয়োগৰ বাবে বিদেশী ৰাষ্ট্রক আমন্ত্রণ জনোৱাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে বীমাৰ ক্ষেত্রত বিদেশী বিনিয়োগ ৪৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ আনপিনে শেহতীয়াভাৱে বীমা সংক্রান্তত প্রত্যক্ষ বিদেশী বিনিয়োগ ১০০ শতাংশলৈ অনুমতি প্রদান কৰা হৈছে৷ প্রত্যেক বছৰে এফডিআই অভিলেখ সংখ্যক বৃদ্ধি পাই আছে৷ ২০১৯–২০ বর্ষত ভাৰতত ৭৪ বিলিয়ন মার্কিন ডলাৰ প্রত্যক্ষ বিদেশী বিনিয়োগ হৈছে৷ চলিত বর্ষৰ পূর্বে প্রতি বছৰতে এফ ডি আই ২০ শতাংশকৈ বৃদ্ধি হৈ আছে৷ এইক্ষেত্রত প্রধানমন্ত্রী মোদীয়ে কয়– যেতিয়া বজাৰ মুক্ত হয়, তেতিয়া সুযোগ উচ্চ হয় আৰু বিকল্প অনেক আহে৷ ইয়াৰ বাবে বিশ্ব বেংকৰ ইজ অৱ দুয়িং বিজনেছ ৰেটিঙৰ তালিকাত ভাৰতৰ স্থান উন্নত হৈছে৷

লক্ষণীয় যে প্রতিৰক্ষা আৰু মহাকাশ খণ্ডতো বিদেশী বিনিয়োগৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে প্রতিৰক্ষা খণ্ডত এফডিআই ৭৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ প্রতিৰক্ষা সামগ্রী উৎপাদনত উৎসাহ যোগোৱাৰ বাবে ভাৰতে দুটা প্রতিৰক্ষা কৰিড’ৰ স্থাপন কৰিছে৷ অসামৰিক পৰিবহণ খণ্ডটিৰ প্রচুৰ সম্ভাৱনীয় বিকাশৰ সম্ভাৱনা প্রকট হৈ উঠিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে পৰৱর্তী ৮ বছৰৰ ভিতৰত দেশত বিমান যাত্রীৰ সংখ্যা দুগুণ বৃদ্ধি পাব৷ পৰৱর্তী দশকটোৰ ভিতৰত ব্যক্তিগত বিমান সেৱাই সহস্রাধিক নতুন বিমান অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে৷ তদুপৰি আন্তঃগাঁথনিৰ ক্ষেত্রতো বিনিয়োগক আহ্বান জনোৱাৰ প্রসংগৰে প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ ইতিহাসত বৃহত্তম আন্তঃগাঁথনি সৃষ্টি বর্ধিত হৈছে৷ লক্ষজনৰ বাবে গৃহ নির্মাণ, অট্টালিকা নির্মাণ, ঘাইপথ আৰু বন্দৰ নির্মাণৰ বাবে অংশীদাৰিত্ব আহ্বান জনোৱা হৈছে৷ শক্তি আৰু স্বাস্থ্য খণ্ডত বিনিয়োগৰ বাবে অংশীদাৰিত্বৰ আহ্বান জনোৱাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে প্রতিবছৰে স্বাস্থ্য সেৱা খণ্ডত ২২ শতাংশকৈ বিকাশ হৈছে৷ দেশৰ কোম্পানীসমূহে চিকিৎসা প্রযুক্তি, টেলি মেডিচিন আৰু ডায়’গ্ণেষ্টিক উৎপাদনৰ ক্ষেত্রত উন্নত হৈছে৷ কৃষি খণ্ডত ঐতিহাসিক সংস্কাৰ কৰা হৈছে৷ যাৰ জৰিয়তে কৃষি খণ্ডত বিনিয়োগৰ সুযোগ সৃষ্টি হৈছে৷ প্রযুক্তিৰ ক্ষেত্রতো বিনিয়োগৰ মাত্রা বৃদ্ধি পাইছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷

You might also like