নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ কিংবদন্তি নৃত্যশিল্পী ওস্তাদ দেবুৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ভাৰতৰ সমকালীন নৃত্যৰ ক্ষেত্রখনৰ কিংবদন্তি নর্তক ওস্তাদ দেবুৰ দেহাৱসান ঘটিছে৷ বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল আধুনিক নৃত্যৰ কিংবদন্তি শিল্পীগৰাকী৷ ৭৩ বছৰীয়া দেবুৰ জীৱনাৱসানৰ লগে লগে ভাৰতত নৃত্যৰ ক্ষেত্রখনৰ এক বর্ণিল অধ্যায়ৰ ইতি পৰিছে৷ স্মর্তব্য যে ভাৰতীয় আৰু পাশ্চাত্যৰ নৃত্যৰ কৌশলৰ মিশ্রণ ঘটাই আধুনিক নৃত্যক এক নতুন মাত্রা প্রদান কৰিছিল দেবুৱে৷ কিংবদন্তি নৃত্যশিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে নৃত্য পৰিচালক আছলী ল’বোৱে৷

ল’বোৱে এক শোকবার্তাত উল্লেখ কৰিছে যে ওস্তাদ দেবুৰ মৃত্যুত ভাৰতে হেৰুৱালে সমকালীন নৃত্যৰ এগৰাকী আধুনিক বাটকটীয়া তথা কিংবদন্তিক৷ দেশৰ বহু নৃত্যশিল্পীৰ বাবে দেবু অনুপ্রেৰণা আছিল বুলিও উল্লেখ কৰিছে ল’বোৱে৷

ভাৰতত নৃত্যৰ ক্ষেত্রখনত সদায় দেবু অমৰ হৈ থাকিব বুলি কৈ ল’বোৱে এইবুলিও মন্তব্য কৰিছে যে ভাৰতীয় আৰু পাশ্চাত্যৰ নৃত্যৰ কৌশলৰ কথা ওলালেই স্মৰণ কৰা হ’ব কিংবদন্তি দেবুক৷ উল্লেখনীয় যে কথকৰ পৰা নৃত্যৰ জগতখনত ভৰি থোৱা দেবুৱে ভাৰতৰ বহু লোকনৃত্যক আন্তর্জাতিক মঞ্চত তুলি ধৰিছিল৷

You might also like