‘দ্য মহাত্মা অন এ হার্লী’ জাতিৰ জনকক লৈ শিল্পী দেৱাঞ্জন ৰয়ৰ পুতলা শিল্পৰ প্রদর্শনী
নিয়মীয়া বাৰ্তা ২১ আগষ্টঃ দ্য মহাত্মা অন এ হার্লী ডেভিডচন’৷ স্বাধীনতাৰ ৭৫সংখ্যক দিৱস উপলক্ষে দেশজুৰি চলি থকা আজাদী কা অমৃত মহোৎসৱৰ সমান্তৰালকৈ পশ্চিমবংগৰ বিখ্যাত শিল্পী দেৱাঞ্জন ৰয়ে জাতিৰ জনক মহাত্মা গান্ধীক লৈ এলানি শৈল্পিক সৃষ্টিৰ প্রদর্শন মুকলি কৰিছে অনলাইনত৷ ‘টয়িং উইথ গান্ধী?’ শীর্ষক এই চিত্রশিল্পত শিল্পী ৰয়ে বর্তমানৰ ভোগবাদী ব্যৱস্থাক জাতিৰ জনক মহাত্মাক এইধৰণে উপস্থাপন কৰিছে৷
লক্ষণীয়ভাৱে মহাত্মাৰ আদর্শ, দর্শন সাত দশকতকৈ অধিক কাল ধৰি কেনেদৰে দেশবাসীয়ে মানি চলি আহিছে তাক পুতলা শিল্পৰ জৰিয়তে প্রতিফলিত কৰিব বিচাৰিছে শিল্পী দেৱাঞ্জন ৰয়ে৷ অনলাইন এই প্রদর্শনীৰ উদ্যোক্তা হৈছে আকাৰ–প্রকাৰ৷ ইয়াত সহযোগিতা আগবঢ়াইছে ছেফ্রন আর্টে৷যদিও চিত্রশিল্পত ব্যংগাত্মক দৃষ্টিভংগীৰ প্রতিফলন ঘটিছে তথাপি শিল্পী দেৱাঞ্জন ৰয়ে মহাত্মাই নিজৰ আদর্শত কেনেদৰে অটল আছিল তাক অধিক প্রকট কৰি তুলিব বুলি আশা প্রকাশ কৰিছে৷ সেইদৰে ‘ববেলহেড গান্ধী’ৰ জৰিয়তে মহাত্মাৰ স্বচ্ছতাৰ অভিযানক প্রতিফলিত কৰাৰ প্রচেষ্টা চলাইছে চিত্রশিল্পীগৰাকীয়ে৷ এই পুতলা শিল্পত মহাত্মাই হার্লী ডেভিডচন চলাই থকাৰ উপৰি আন কেইবাটাও সৃষ্টিৰ জৰিয়তে সমাজত মহাত্মা গান্ধীৰ কর্মৰাজিক আধুনিক জীৱন যাত্রাত সাঙুৰি প্রতিফলিত কৰাৰ চেষ্টা চলাইছে শিল্পী ৰয়ে৷