পূর্বৰ চৰকাৰৰ ভুল শুধৰাইছে এনডিএইঃ মোদী
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে এন ডি এ চৰকাৰে পূর্বৰ চৰকাৰবোৰে কৰা ভুলৰ শুধৰণি কৰিবলৈ প্রচেষ্টা চলাই আছে৷ পূর্বৰ চৰকাৰৰ দিনত বীৰ যোদ্ধা, নেতা তথা মুক্তিসংগ্রামীসকলক্ পাবলগীয়া সন্মান দুর্ভাগ্যজনকভাৱে প্রদান কৰা হোৱা নাছিল৷ উত্তৰ প্রদেশত মহাৰাজা ছুহেলদেৱ স্মাৰক আৰু চিট্টাউড়া লেকৰ উন্নয়নমূলক কার্যৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রীগৰাকীয়্ এই মন্তব্য কৰিছে৷ পূর্বৰ চৰকাৰবোৰে নেতাজী সুভাষ চন্দ্র বসু, চর্দাৰ বল্লভভাই পেটেল, বি আৰ আম্বেদকাৰৰ দৰে নেতাসকলক প্রাপ্য সন্মান প্রদান কৰা নাছিল বুলি মন্তব্য কৰিছে মোদীয়ে৷ আধুনিক ভাৰতত পুৰণি সেই ইতিহাস সলনি কৰাৰ প্রচেষ্টা চলোৱা হৈছে বুলিও মোদীয়ে উল্লেখ কৰে৷