নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে নতুন দিল্লীৰ সীমান্তত প্রতিবাদ চলাই থকা কৃষকৰ আন্দোলনে ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ ঘটাব পাৰে৷ নতুন দিল্লীৰ নিজামুদ্দিন মার্কাজে দেশব্যাপী ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ ঘটোৱাৰ প্রসংগ উল্লেখ কৰি আজি উচ্চতম ন্যায়ালয়ে কৃষকৰ আন্দোলনে নতুন দিল্লী–এনচিআৰত মহামাৰী ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি কৰিব পাৰে বুলি কেন্দ্রক সকীয়নি দিছে৷ এমাহতকৈ অধিক কাল নতুন দিল্লীৰ সীমান্তত বাহৰ পাতি প্রতিবাদ চলাই থকা কৃষকৰ পৰিস্থিতি সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ আলোচনাত বিশেষ অগ্রগতি নোলোৱাক লৈ উদ্বিগ্ণ উচ্চতম ন্যায়ালয়ে কালি এই সন্দর্ভত কেন্দ্রীয় চৰকাৰক সকীয়াই দিয়াৰ পিছত পুনৰ আন্দোলনে ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি কৰিব বুলি সকীয়নি দি চৰকাৰৰ পৰা এই সন্দর্ভত উত্তৰ বিচাৰিছে৷ কৃষকৰ আন্দোলনক লৈ কেন্দ্রীয় চৰকাৰৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই কয় যে চলিত কৃষকৰ প্রতিবাদৰ দ্বাৰা ক’ভিড–১৯ দ্রুতগতিত বৃদ্ধি পাব পাৰে, যদি এই আন্দোলন শীঘ্রে অন্ত পেলোৱা নাযায়৷ পৰিস্থিতিক লৈ তেওঁলোক উদ্বিগ্ণ৷ বিশেষকৈ দেশৰ ৰাজধানী চহৰ আৰু এন চি আৰত ক’ভিড–১৯ বৃদ্ধি পোৱাৰ সম্ভাৱনাক লৈ৷
ইপিনে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত অটল থকা ৪০ কৃষক সংগঠনে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত নতুন দিল্লীলৈ ট্রেক্টৰ সমদলৰ ঘোষিত প্রতিবাদী কার্যসূচীৰ পূর্বে আজি নতুন দিল্লীৰ সিংঘু, তিক্রি, গাজীপুৰ আদি সীমান্তত ট্রেক্টৰ সমদল উলিয়ায়৷ ২৬ জানুৱাৰীৰ আখৰা হিচাপে এই টেক্টৰ সমদল উলিয়াই তিনি কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠনসমূহ অটল থকা বুলি কৃষক সংগঠনৰ নেতাই প্রকাশ কৰিছে৷ কেইবাসহস্র কৃষকে ট্রেক্টৰ সমদলত অংশগ্রহণ কৰিছে৷ ইয়াৰ অধিকাংশই পঞ্জাব আৰু হাৰিয়ানাৰ৷ প্রতিবাদী কৃষকসকলে ত্রিৰংগাৰ সমান্তৰালকৈ কৃষক সংগঠনৰ পতাকা লৈ উলিওৱা সমদলত ট্রেক্টৰৰ পিছফালে কানাড়াৰ ৰাষ্ট্রীয় পতাকা প্রত্যক্ষ কৰা বিষয়টো ব্যাপক চর্চিত হৈছে৷ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষকৰ আন্দোলন ৪৩ দিনত ভৰি দিছে৷ ইতিপূর্বে ৪০ প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিৰে কেন্দ্রীয় চৰকাৰে ৭খনকৈ বৈঠকত মিলিত হ’লেও এতিয়ালৈকে নির্ণয়কাৰী সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ কেন্দ্রীয় চৰকাৰে এম এছ পি নিশ্চিত আৰু তিনি কৃষি আইন সংশোধনৰ প্রস্তাৱ আগবঢ়াইছে যদিও প্রতিবাদী কৃষক সংগঠনে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত অটল হৈ আছে৷ কাইলৈ পুনৰ কৃষক প্রতিনিধি আৰু কেন্দ্রীয় চৰকাৰৰ মাজত আন এখন বৈঠক অনুষ্ঠিত হ’ব৷ তাৎপর্যপূর্ণ যে তিনি কৃষি আইনক লৈ জনোৱা কেইবাখনো আবেদনৰ শুনানি অহা ১১ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্রহণ কৰিব৷