নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ আগন্তুক শাৰদীয় দুর্গোৎসৱৰ পূর্বে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীলৈ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই প্রেৰণ কৰিছে উপহাৰৰ টোপোলা৷
দুর্গা পূজাৰ সৈতে সংগতি ৰাখি বেনার্জীলৈ হাছিনাই এই উপহাৰৰ টোপোলা প্রেৰণ কৰা বুলি পশ্চিমবংগ চৰকাৰৰ এক সূত্রই সদৰী কৰিছে৷ বেনাপ’ল–পেট্রপ’ল পথেৰে বেনার্জীলৈ এই উপহাৰ সামগ্রী প্রেৰণ কৰিছে বাংলাদেশ চৰকাৰে৷ কলকাতাস্থিত বাংলাদেশ উচ্চায়ুক্তৰ কার্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রীগৰাকীক এই উপহাৰ প্রদান কৰা হ’ব৷
হাছিনাই প্রেৰণ কৰা এই উপহাৰৰ টোপোলাত আছে এখন শাৰী, মিঠাইৰ টোপোলা আৰু ফুল৷ স্মর্তব্য যে পূর্বৰে পৰা বাংলাদেশী নেতৃত্বই শাৰদীয় দুর্গা পূজা উপলক্ষে পশ্চিমবংগৰ নেতৃত্বলৈ অভিনন্দন সূচক উপহাৰৰ টোপোলা প্রেৰণ কৰি আহিছে৷ অৱশ্যে তাৎক্ষণিকভাৱে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই বিষয়টো সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷