নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ মোদীবিদ্বেষে জনপ্রিয়তা বঢ়াইছে প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই উল্লেখ কৰিছে যে বিৰোধী দলটোৰ নেতাসকলে যিমানেই মিছা মাতিব আৰু মোদীক ঘৃণা কৰিব, সিমানেই দেশৰ জনসাধাৰণে প্রধানমন্ত্রীগৰাকীক সমর্থন জনাব৷ কংগ্রেছ আৰু দলটোৰ নেতৃত্বৰ এই মোদীবিদ্বেষে দেশজুৰি প্রধানমন্ত্রীগৰাকীৰ জনপ্রিয়তা বৃদ্ধি কৰিব বুলি এলানি টুইটযোগে ঘোষণা কৰিছে নাড্ডাই৷

স্মর্তব্য যে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্র তথা সাংসদ ৰাহুল গান্ধীয়ে বিভিন্ন বিষয়ত মোদীক সমালোচনা কৰি আহিছে৷ মাতৃ ছোনিয়া গান্ধীয়ে মোদী চৰকাৰে গণতন্ত্রক ধ্বংস কৰা বুলি অভিযোগ কৰি অহাৰ বিপৰীতে পুত্র ৰাহুলে প্রধানমন্ত্রীগৰাকীৰ বিৰুদ্ধে বিভিন্ন মিছাৰ আশ্রয় লৈ ঘৃণাজনিত মন্তব্য আগবঢ়োৱা বুলি উল্লেখ কৰিছে নাড্ডাই৷

স্মর্তব্য যে এখন ইংৰাজী দৈনিক কাকতত ছোনিয়া গান্ধীয়ে মোদী চৰকাৰক সমালোচনা কৰি গণতন্ত্রৰ বিপর্যয় আহি পৰা বুলি ঘোষণা কৰাৰ পিছতে কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নাড্ডা৷ প্রসংগক্রমে জৰুৰী অৱস্থাৰ সময়ত কংগ্রেছে মানুহৰ বাক স্বাধীনতা হৰণ কৰি গণতন্ত্রৰ ওপৰত কুঠাৰাঘাত কৰিছিল বুলিও নাড্ডাই মন্তব্য কৰিছে৷

You might also like