নিয়মীয়া বাৰ্তা, ১৮ জুলাই: আমেৰিকা যুক্তৰাষ্ট্রৰ নৌ বাহিনীয়ে ভাৰতীয় নৌ বাহিনীৰ হাতত প্রথম কিস্তিত দুখন চিকৰস্কাই এমএইচ–৬০আৰ বহুমুখী হেলিকপ্টাৰ অর্পণ কৰে৷ দুখন এমএইচ–৬০আৰ ৰোমি’ হেলিকপ্টাৰ ভাৰতীয় নৌ বাহিনীৰ হাতত আমেৰিকাৰ নৌ বাহিনীয়ে অর্পণ কৰাৰ লগে লগে দুয়ো দেশৰ প্রতিৰক্ষা সহযোগিতা আৰু অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা হ’ল৷
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ বিদেশী সামৰিক বিক্রীৰ অধীনত লকহিড মার্টিনৰ দ্বাৰা নির্মাণ কৰা ২৪খন এমএইচআৰ হেলিকপ্টাৰ ভাৰতীয় নৌ বাহিনীয়ে ক্রয়চুক্তি কৰিছিল৷ ২.৪ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষে ২৪খন এমএইচ–৬০আৰ এমআৰএইচ ক্রয়ৰ চুক্তি সম্পন্ন হোৱাৰ পাছত যোৱানিশা আমেৰিকাই ইয়াৰে প্রথম কিস্তিত দুখন ভাৰতীয় নৌ বাহিনীৰ হাতত অর্পণ কৰে৷ এক কার্যসূচীৰ জৰিয়তে হেলিকপ্টাৰ দুখন ভাৰতীয় নৌসেনাৰ হাতত অর্পণ কৰা অনুষ্ঠানত আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধু উপস্থিত থাকে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নৌ বাহিনীৰ ভাইচ এডমিৰেল কেনিথ হোৱাইটছেল আৰু ভাৰতৰ ভাইচ এডমিৰেল ৰবনিট সিঙৰ মাজত তথ্যৰ আদান প্রদান কৰা হয়৷ এই কার্যসূচীত আমেৰিকাৰ নৌ বাহিনীৰ শীর্ষ বিষয়াৰ লগতে লকহিড মার্টিন ক’পাৰেচনৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা ভাৰতীয় নৌ বাহিনীয়ে ক্রয় কৰা এমএইচ–৬০আৰ হেলিকপ্টাৰখন অতি অত্যাধুনিক৷ সাগৰীয় অঞ্চলত এই হেলিকপ্টাৰখনেৰে যিকোনো পৰিস্থিতিত অভিযান চলাবলৈ সক্ষম হ’ব ভাৰতীয় নৌ বাহিনীয়ে৷ এই হেলিকপ্ঢাৰে ভাৰতীয় নৌ বাহিনীক আধুনিকীকৰণ কৰাৰ লগতে শক্তিশালী দিয়া হৈছে৷ ইতিমধ্যে এই হেলিকপ্টাৰখন চলাবৰ বাবে ভাৰতীয় নৌ বাহিনীৰ পাইলটে প্রশিক্ষণ লৈছে৷